নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন মুখ্য নির্বাচন আয়ুক্ত নবীন চাওলাৰ দেহাৱসান

নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : দেশৰ প্রাক্তন মুখ্য নির্বাচন আয়ুক্ত (চিইচি) নবীন চাওলাৰ দেহাৱসান ঘটিছে৷ ৭৯ বছৰীয়া চাওলাৰ মৃত্যুৰ খবৰ সদৰী কৰিছে অন্য এগৰাকী প্রাক্তন চিইচি এছৱাই কুৰেইছিয়ে৷ এপল’ হাস্পতালত কালি পুৱা চাওলাই শেষ নিশ্বাস ত্যাগ কৰা বুলি কুৰেইছিয়ে সংবাদ মাধ্যমক জনাইছে৷ উল্লেখনীয় যে এগৰাকী প্রাক্তন আমোলা চাওলা ২০০৫ৰ পৰা ২০০৯ চনলৈ নির্বাচন আয়ুক্ত আছিল৷ ২০০৯ৰ পৰা ২০১০ চনৰ জুলাইলৈ তেওঁ নির্বাচন আয়োগৰ মুৰব্বীৰ দায়িত্বত আছিল৷ চাওলাৰ বিৰুদ্ধে বিজেপিয়ে বিৰোধীৰ আসনত থকা সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰিছিল৷ আনকি, নির্বাচন আয়োগৰ পৰা চাওলাক অপসাৰণৰ বাবে দাবীও উত্থাপন হৈছিল৷

You might also like