নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ সংবিধানখন আমাৰ গৌৰৱ-আমাৰ স্বাভিমান : মন্ত্ৰী পীয়ূষ হাজৰিকা

🔹 গুৱাহাটীত বিজেপিৰ সংবিধান গৌৰৱ অভিযান

বিশেষ বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰী : ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ সমিতিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সহযোগত গুৱাহাটীৰ আইদেউ ছবিগৃহত আয়োজিত এখন আলোচনা চক্ৰত সভাপতি দিলীপ শইকীয়াৰ লগতে মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত থাকে । বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ গৌৰৱোজ্জ্বল ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় জনতা পার্টীৰ উদ্যোগত দেশজুৰি অনুষ্ঠিত ‘সংবিধান গৌৰৱ অভিযান’ৰ অংশৰূপে অসমতো বিভিন্ন বিধানসভা সমষ্টিত বিগত এটা পষেকজুৰি বিভিন্ন কার্যসূচী ৰূপায়ণ হৈ আহিছে । এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত বিশেষ আলোচনা-চক্রত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই কয় যে দেশৰ সংবিধানখন আমাৰ গৌৰৱ তথা আমাৰ স্বাভিমান । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এখন সার্বভৌম গণতান্ত্রিক ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ গৌৰৱ গাথাৰ আজি যি বন্দন হৈছে, তাৰ মূলতে হৈছে আমাৰ সংবিধানখন । পাকিস্তান আৰু বাংলাদেশৰ দৰে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰই সততেই সামৰিক উত্থানৰ সন্মুখীন হৈ অহাৰ বিপৰীতে শক্তিশালী সংবিধান এখন থকাৰ বাবে আমাৰ দেশে কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হোৱা নাই । আনহাতে, কংগ্ৰেছে যদিও এতিয়া সংবিধানৰ প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ গুণাণু কীৰ্তন কৰিবলৈ আৰম্ভ কৰিছে,

কিন্তু এই কংগ্ৰেছেই শাসনত থকা দশক দশকজোৰা সময়খিনিত ড° আম্বেদকাৰক যথোচিত সন্মান নিদিলে । যিজন ব্যক্তিয়ে প্ৰণয়ন কৰা সংবিধানখনে আমাৰ ৰাষ্ট্ৰ ব্যৱস্থাটোক চলাই আছে, সেইজন বাবাচাহেবক কংগ্ৰেছ চৰকাৰে কেতিয়াও ভাৰতৰত্ন দিয়াৰ কথা নাভাবিলে । ড° আম্বেদকাৰক ১৯৯০ চনতহে এখন অ-কংগ্ৰেছী চৰকাৰে মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰে। আনহাতে, কেবিনেট মন্ত্ৰী হিচাপেও প্ৰধানমন্ত্ৰী নেহৰুৰ পৰা ড° আম্বেদকাৰে যথোচিত গুৰুত্ব লাভ নকৰিলে। আনহাতে, ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে ১৯৭৫ চনত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰি সংবিধানখন অৱমাননা কৰিছিল বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বতহে ভাৰত চৰকাৰে এতিয়া ড° আম্বেদকাৰৰ অনবদ্য অৱদানৰ প্ৰকৃত মূল্যাংকন হোৱা বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে । ভাৰতত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ড° আম্বেদকাৰৰ অৱদানৰ প্ৰতি আমি প্ৰত্যেকেই কৃতজ্ঞ হৈ থকা উচিত বুলি মন্ত্ৰী হাজৰিকাই ভাষণ প্ৰসংগত উল্লেখ কৰে ।

You might also like