নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত পূৰ্ণোদ্যমে চলিছে আলি-আ:য়ে-লৃগাঙৰ প্ৰস্তুতি

🔹 ঐনিতমৰ সুৰত-গুমৰাগৰ ছন্দত মুখৰিত চৌদিশ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : ৰং সলাইছে প্রকৃতিয়ে। চৌদিশে ফুলিছে পলাশ, মদাৰ, শিমলু।ৰাঙলী হৈছে ৰাজ্যৰ আকাশ। ফাগুনৰ আগমনে কঢ়িয়াই আনিছে উৎসৱৰ বতৰা। ফাগুন মানেই যেন ঐনিতম, গুমৰাগৰ সময়। ফাগুন মানেই যেন আলি-আ:য়ে-লৃগাং। পলাশ-শিমলু-মদাৰৰ ৰঙে পৃথিৱী ৰঙীয়াল কৰাৰ সময়তে ভূমিপুত্ৰ নৈপৰীয়া মিচিংসকল ব্যস্ত হৈ পৰিছে এতিয়া আলি-আ:য়ে-লৃগাঙক আদৰিবলৈ। আলি-আ:য়ে লৃগাঙলৈ মাজত মাত্র কেইটামান দিন। প্ৰতি বছৰৰ দৰে এইবেলিও ফাগুনৰ প্ৰথমটো বুধবাৰে পালন কৰিব জনগোষ্ঠীটোৰ প্ৰাণস্বৰূপ কৃষিভিত্তিক উৎসৱ আলি-আ:য়ে লৃগাং। প্রাণোচ্ছল হৈ উঠিছে মিচিং জনবসতি অঞ্চলসমূহ। ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে ঢকুৱাখনাৰ মিচিং জনবসতিপ্রধান প্ৰতিটো অঞ্চলতো পূৰ্ণোদ্যমে চলিছে এতিয়া আলি-আ:য়ে-লৃগাঙৰ প্রস্তুতি। ঐনিতমৰ সুৰত আৰু গুমৰাগৰ ছন্দত মুখৰিত হৈ পৰিছে ঢকুৱাখনাৰ মিচিং অধ্যুষিত অঞ্চলসমূহ। চোতাল-পথাৰ সকলোতে অবিৰাম নিগৰিছে কেৱল ঐনিতম। ঢোল-তাল, ঐনিতমৰ সুৰীয়া সুৰ আৰু গুমৰাগৰ ছন্দেৰে জীপাল হৈ পৰিছে প্ৰতিখন মিচিং গাঁও। আৰম্ভ হৈছে লৃগাঙৰ প্ৰস্তুতি। মিচিং বসতিপ্ৰধান অঞ্চলসমূহ মুখৰিত হৈ পৰিছে ঢোল-তালৰ শব্দত। ঢকুৱাখনাৰ খজুৱা পাতিৰত ১০খনৰো অধিক গাঁও একলগ হৈ আঞ্চলিক ভিত্তিত উদযাপন কৰিব আলি-আ:য়ে-লৃগাং। যাৰ বাবে এতিয়া প্রস্তুতি চলাইছে ৰাইজে। সমূহীয়া আলি-আ:য়ে-লৃগাঙৰ বাবে ৪ কুইণ্টল চাউলৰ প:ৰ:আপং বা ছাই মদ প্রস্তুত কৰিছে ৰাইজে। কাৰণ আলি-আ:য়ে-লৃগাং বুলিলে পোৰা গাহৰিৰ মাংস আৰু শুকান মাছ আদাৰা পিহি পঃৰ আপং অৰ্থাৎ ছাই মদ নিজেও খোৱাৰ লগতে আপ্যায়ন কৰিব আলহী বা আপোনজক । একেদৰে ব্যস্ততাৰ অন্ত নাই জীয়ৰীসকলৰো। এটা মিঠা হাঁহি বিয়পাই তাঁতৰ শালত বহিছে জীয়ৰীসকল। তাঁতৰ শালত বাৰে বাৰে লাগিছে আউল। মিবু গালোক, মচাং এগে-গাচৰ, পেঃৰ, বিবি, গাচেং, এৰকংক, গনঃৰ উপন, মিবু গালুক, টঙালি আদি বিভিন্ন সাজপাৰ প্ৰস্তুত কার্য ইতিমধ্যে সম্পন্ন কৰি তুলিছে মিচিং গাভৰুসকলে। সমান্তৰালকৈ যুৱকসকলো মৰংঘৰ, কঠিয়নী আদি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে। ইপিনে, কামৰ মাজতে ঐনিতমৰ সুৰ জুৰি গুমৰাগ নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে যুৱক-যুৱতীসকল। এনেদৰেই আকাশে-বতাহে সুৰীয়া ঐনিতমৰ সুৰ বিয়পাই পৰম্পৰা ৰক্ষা কৰি হেঁপাহৰ লৃগাঙক আদৰিবলৈ সাজু হৈছে সকলো।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like