🔹 হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ কণ কণ শিশুৰ সৰস্বতী বন্দনা
বিশেষ বাৰ্তা, ৩ ফেব্ৰুৱাৰী : যি সময়ত সমগ্ৰ দেশতে ধর্মীয় অসহিষ্ণুতাই বিৰাজ কৰিছে, তেনে সময়তে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ এটা অংগনৱাড়ী কেন্দ্ৰই দেখুৱাইছে ধর্মীয় সম্প্রীতি । ধর্মীয় মতভেদ পৰিহাৰ এৰি সৰস্বতী পূজাত অংশ ল’লে অর্ধশতাধিক ইছলামধর্মী কণ কণ শিশু আৰু তেওঁলোকৰ অভিভাৱকে। নগৰখনৰ ৫নং ৱাৰ্ডৰ দৰ্জী পট্টিত অৱস্থিত এই অংগনৱাড়ী কেন্দ্ৰটোৰ নাম হৈছে সোণাৰি ৱাৰ্ড নং ৫ (এ ) । সোণাৰি নগৰৰ মাজমজিয়াত থকা এই কেন্দ্ৰটোত অন্যান্য সম্প্রদায়ৰ লগতে ইছলামধর্মী কেইবাটাও কণ কণ শিশুৱে অধ্যয়ন কৰে । বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতীৰ পূজাত অংশ লৈ এইসকল কণ কণ শিশুৱে গানৰ তালে তালে একেলগে হাতে হাত ধৰি নাচি আনন্দ-স্ফূৰ্তি কৰা ছবিখনে উপস্থিত সকলোৰে মনত আমোদ দিয়ে । সৰস্বতী দেৱীৰ মূৰ্তিৰ সন্মুখত পূজা-অর্চনাৰে নিজৰ মনােকামনা পূৰণৰ বাবে আশীর্বাদ বিচাৰে অন্যান্য ধৰ্মৰ শিশুসকলৰ লগতে ইছলামধর্মী কণ কণ শিশুসকলেও । ধর্মীয় সংকীর্ণতাৰ ঊৰ্ধ্বলৈ গৈ বিদ্যালয়খনৰ হিন্দু ধৰ্মৰ ছাত্ৰীসকলৰ সৈতে একেলগে পূজাত অংশ লৈ ধর্মীয় সম্প্রীতিৰ নিদর্শন দাঙি ধৰে । অংগনৱাড়ী কেন্দ্ৰটোত অধ্যয়ন কৰা শিশুসকলৰ অভিভাৱক আৰু কেন্দ্ৰটোৰ প্ৰধান তথা কৰ্মী ৰীতা পালে বছৰ বছৰ ধৰি এইটো কেন্দ্ৰত হিন্দু আৰু মুছলমান সকলোৱে মিলি সৰস্বতী পূজা পালন কৰি অহা বুলি কয় । কেন্দ্ৰটোৰ সহায়িকা খোতেজা খাতুনে কয় যে আমি মুছলমান সম্প্রদায়ৰ হৈও জাতি-ভেদৰ কথা নাভাবি একতাৰ ডােলেৰে বান্ধ খাই সমন্বয়ৰ বার্তা দি সৰস্বতী পূজা পালন কৰি আহিছোঁ ।
প্ৰেৰক দীপাংকৰ পাল