নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত ব্যাপক হাৰত যান-বাহন আইন উলংঘন

🔹 অটো-টমটমৰ সন্ত্ৰাসত ভীতিগ্ৰস্ত পথচাৰী
বিশেষ বাৰ্তা, ৩ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাত ব্যাপক হাৰত উলংঘন হৈছে যান-বাহন আইন। যান-বাহন আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি জিলাখনৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পথত চকুৰে মণিব নোৱাৰা অস্পষ্ট আখৰৰ নম্বৰ প্লেট অথবা ভঙা-ছিঙা নম্বৰ প্লেটৰ অসংখ্য যান-বাহন চলাচল কৰি থকা পৰিলক্ষিত হৈছে। যান-বাহন আইন অনুসৰি সকলোবোৰ যান-বাহনৰে পঞ্জীয়ন নম্বৰটোৰ দুখনকৈ ফলক গাড়ীখনৰ আগফাল আৰু পিছফালে থকাটো বাধ্যতামূলক। এই নম্বৰ প্লেটখনত জি পি এছ ষ্টিকাৰসহ হাই ছিকিউৰিটী নম্বৰ থকাটো বাধ্যতামূলক। তদুপৰি এই ফলকখন নিৰ্দিষ্ট আকাৰৰ হোৱাৰ উপৰি তাৰ আখৰবোৰৰ আকাৰ কিমান হ’ব লাগে তাকো নিৰ্ধাৰণ কৰা থাকে। নম্বৰ প্লেটৰ আখৰ আৰু সংখ্যাৰ ৰং ব্যক্তিগত বাহন আৰু ব্যৱসায়িক বাহনৰ ক্ষেত্ৰত পৃথক পৃথক। এইবোেৰ সংশ্লিষ্ট জিলাৰ আৰক্ষী আৰু পৰিবহণ বিভাগে নিৰীক্ষণ কৰিব লাগে। কিন্তু চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰকে প্ৰমুখ্য কৰি বিভিন্ন সৰু-বৰ চহৰ, গ্রামাঞ্চলৰ পথৰে নিতৌ চলাচল কৰা হেজাৰ হেজাৰ যান-বাহনৰ মাজৰ শ শ যান-বাহন আছে যাৰ নম্বৰ প্লেটৰ আখৰ আৰু সংখ্যা মুঠেই স্পষ্ট নহয়। ধূলি-মাকতি, বোকা, মামৰ লাগি নম্বৰ প্লেটৰ আখৰ আৰু সংখ্যাবোৰ ধৰিব নোৱাৰা অৱস্থাত থাকে। পৰিবহণ বিভাগে যান-বাহনসমূহত জিপিএছ ষ্টিকাৰযুক্ত হাই ছিকিউৰিটী নম্বৰ প্লেট লগাবলৈ বাৰম্বাৰ নিৰ্দেশ দি অহাৰ পাছতো জিলাখনৰ ৫০ শতাংশ বাহনৰ গৰাকীয়েই পৰিবহণ বিভাগৰ এই নির্দেশনা মানি চলা নাই। স্মর্তব্য যে চৰাইদেউ জিলাৰ আৰক্ষী থানা, আৰক্ষী চকীসমূহৰ অধিকাংশই  প্রধান গড়কাপ্টানী পথৰ দাঁতিত। তেনেসমূহ আৰক্ষী থানা আৰু আৰক্ষী চকীৰ সন্মুখেদিয়েই নিতৌ চলাচল কৰি আছে অস্পষ্ট নম্বৰ প্লেট লগোৱা, ভঙা-ছিঙা নম্বৰ প্লেট লগোৱা তথা পিছফালে যদি আছে আগফালে নম্বৰপ্লেট নথকা অসংখ্য বিভিন্ন যান-বাহন। অথচ এইবোৰ দেখিও নেদেখাৰ ভাও ধৰি আহিছে আৰক্ষীয়ে। ঠিক একেদৰে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ মটৰ পৰিবহণ পৰিদৰ্শকসকলে প্রায়েই ঘাইপথসমূহত যান-বাহন পৰীক্ষা কৰি থাকে যদিও জিপিএছযুক্ত হাই ছিকিউৰিটী নম্বৰ প্লেট নলগোৱা, অস্পষ্ট নম্বৰ প্লেট লগোৱা, এটুকুৰা নথকা অথবা এখন নম্বৰপ্লেট নথকা, ভিন্ন নম্বৰৰ একাধিক নম্বৰপ্লেট লগোৱা যান-বাহনৰ ক্ষেত্ৰত সদায় চকু মুদা কুলিৰ ভাওহে ধৰি অহা পৰিলক্ষিত হৈছে। উল্লেখ্য যে এনে ধৰণৰ যান-বাহনৰ ৯০ শতাংশ যান-বাহনৰেই ফিটনেছ নাই। আৰক্ষী আৰু পৰিবহণ বিভাগক নিয়মীয়াকৈ ধন আদায় দিয়েই অস্পষ্ট আৰু ভঙা-ছিঙা নম্বৰ প্লেট লগোৱা যান-বাহনসমূহে অবাধে চলাচল কৰি থকা বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইপিনে, জিলা সদৰ সোণাৰি নগৰকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন ঠাইত ফিটনেছ নথকা অসংখ্য যান-বাহন চলাচল কৰি থকা পৰিলক্ষিত হৈছে। তদুপৰি, অটো, ই-ৰিক্সাসমূহত অধিক যাত্রী উঠাই বিপজ্জনকভাৱে চলাই থকা পৰিলক্ষিত হৈছে। যান-বাহন আইন অনুসৰি ই-ৰিক্সাসমূহত চালকৰ আসনৰ উপৰি মাত্ৰ এটা ছিটহে থাকিব লাগে। যাত্রী মুঠ তিনিগৰাকীহে উঠাব লাগে। কিন্তু সোণাৰি নগৰৰ ৰাজপথত চলা ই-ৰিক্সাসমূহত পিছৰ দুটা ছিটত পাঁচ-ছয়জন আৰু চালকৰ আসনতো দুফালে দুজন যাত্রী উঠোৱা পৰিলক্ষিত হয়। ঠিক একেদৰে অটোসমূহতো অনুৰূপ যাত্রী উঠায়। এই বাহনৰ ফিটনেছ ডিটিঅ’ অফিচে কেনেকৈ দিয়ে সিও ৰহস্যজনক বিষয়। আনহাতে, জিলাখনত অসংখ্য চাৰিচকীয়া বিভিন্ন বাহন চলাচল কৰি থাকে য’ত প্ৰেছ লিখা থকা ষ্টিকাৰ বা ল’গ’ পৰিলক্ষিত হয়। কিন্তু ইয়াৰে ৯৫ শতাংশ বাহনেই কোনো সাংবাদিকৰ নহয়। বহু অপৰাধীয়েও আৰক্ষীৰ পৰা বাচিবলৈকে নিজা বাহনত এনে ধৰণৰ প্ৰেছ লিখা থকা ষ্টিকাৰ বা ল’গ’ ব্যৱহাৰ কৰাৰ ঘটনাও পোহৰলৈ আহিছে।

 

প্ৰেৰক দীপাংকৰ পাল

You might also like