চেম্পিয়নছ ট্রফীৰ পিছতে নিজৰ ভৱিষ্যৎ স্থিতি স্পষ্ট কৰক হিটমেনে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ফেব্ৰুৱাৰীঃ ভাৰতীয় এদিনীয়া দলটোৰ অধিনায়ক ৰোহিত শর্মাৰ ওপৰত ক্রমান্বয়ে অৱসৰ লোৱাৰ হেঁচা বাঢ়িছে৷ আগন্তুক আইচিচি চেম্পিয়নছ ট্রফীৰ পিছতে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীৰ ভৱিষ্যতৰ পৰিকল্পনা ৰাজহুৱা কৰিবলৈ পৰামর্শ আগবঢ়াইছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্রফীৰ সমাপ্তিৰ পিছত ৰোহিত শর্মাৰ সৈতে আলোচনাত মিলিত হ’ব বিচিচিআয়ে আৰু এই আলোচনাৰ পিছতে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীৰ ভৱিষ্যতৰ সিদ্ধান্ত লোৱা হ’ব৷ বিচিচিআইৰ এজন বিষয়াই কয় যে ব’ৰ্ডৰ বিগত বৈঠকত ৰোহিতে নির্বাচক আৰু ব’ৰ্ডৰ অন্যান্য বিষয়াৰ কথা পাতিছিল৷ তেওঁক কোৱা হৈছে যে তেওঁ চেম্পিয়নছ ট্রফীৰ পিছত নিজৰ ভৱিষ্যৎ নির্ণয় কৰিব লাগিব৷ কাৰণ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু এদিনীয়া বিশ্বকাপৰ বাবে ব’ৰ্ডৰ কিছু পৰিকল্পনা আছে৷ সকলোৱে একেটা লক্ষ্যৰ দিশে আগবাঢ়িব বিচাৰে ব’র্ডে৷ সেইবাবে ৰোহিতক তেওঁৰ পৰিকল্পনা স্পষ্ট কৰিবলৈ কোৱা হৈছে৷ উল্লেখ্য যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা তেওঁ এদিনীয়া মেচত অংশগ্রহণ কৰা নাই৷ ২০২৭ চনৰ বিশ্বকাপৰ সময়ত তেওঁৰ বয়স হ’ব ৪০ বছৰ৷ গতিকে ৰোহিত শর্মাক চেম্পিয়নছ ট্রফীৰ পিছতে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনা স্পষ্ট কৰাৰ পৰামর্শ আগবঢ়ায় ব’র্ডে৷ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি ব’র্ডে পৰিৱর্তন আনিবলৈ বিচাৰিছে৷