বন্ধ কৰিলে মহিলা পৰিচালিত ৰেডিঅ’ ষ্টেচন, অব্যাহত নাৰীৰ কণ্ঠৰোধ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ফেব্ৰুৱাৰীঃ ২০২১ চনৰ আগষ্টত তালিবান পুনৰ আফগানিস্তানৰ ক্ষমতা দখল কৰিছিল৷ দ্বিতীয়বাৰ আফগানিস্তান ক্ষমতালৈ অহাৰ পিছতে তালিবানে দাবী কৰিছিল যে এইবাৰ কট্টৰ পন্থা কিছু শিথিল কৰা হ’ব৷ অর্থাৎ এইবাৰ ‘নতুন তালিবান’ আফগানিস্তানৰ ক্ষমতালৈ অহা বুলি দাবী কৰা হৈছে৷ কিন্তু ক্ষমতালৈ অহাৰ পিছতে তালিবানে নিজৰ স্বৰূপ দেখুৱাবলৈ ধৰে৷ নাৰী স্বাধীনতা হৰণ কৰিবলৈ ধৰে কুখ্যাত জেহাদী সংগঠনটোৱে৷ প্রতি মুহূর্ততে নাৰীৰ বিৰুদ্ধে বিভিন্ন ফতোৱা জাৰি কৰি আহিছে তালিবানে৷ দেশখনত নাৰী শিক্ষা এতিয়া প্রায় সম্পূর্ণৰূপে বন্ধ৷ শেহতীয়াকৈ দেশখনত বন্ধ কৰি দিয়া হৈছে একমাত্র মহিলা পৰিচালিত ৰেডিঅ’ কেন্দ্র ‘ৰেডিঅ’ বেগম’৷ ৰেডি’ ষ্টেচনত কম্পিউটাৰ ছেটৰ লগতে বিভিন্ন সামগ্রী জব্দ কৰিছে তালিবানে৷ আটক কৰা হৈছে মহিলা কয়দীসকলক৷ এই ৰেডিঅ’ কেন্দ্রত কর্মৰত দুজন পুৰুষ কর্মীকো আটক কৰিছে তালিবান প্রশাসনে৷ অভিযোগ অনা হৈছে যে ৰেডিঅ’ কেন্দ্রৰ পৰা সম্প্রচাৰ নীতি লংঘন কৰা হৈছে৷ ৰেডিঅ’ কেন্দ্রৰ অনুজ্ঞাপত্রৰ চূড়ান্ত অপব্যৱহাৰ কৰা বুলিও প্রশাসনে অভিযোগ আনিছে৷ তালিবানৰ তথ্য আৰু সাংস্কৃতিক মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে এই ৰেডিঅ’ কেন্দ্রৰ পৰা সকলো কার্যসূচীৰ সম্প্রচাৰ বাতিল কৰা হৈছে৷ কাৰণ, তালিবানে অনুমোদন নজনোৱা বিষয়বস্তুৰ সম্প্রচাৰ হৈছিল এই কেন্দ্রটোৰ পৰা৷ লক্ষণীয়ভাৱে এই কেন্দ্রৰ পৰা সম্প্রচাৰিত বিষয়বস্তু বিদেশী টিভি চেনেলতো সম্প্রচাৰ হৈছে৷ লক্ষণীয়ভাৱে ৰেডিঅ’ কেন্দ্রটোৰ কর্মচাৰীসকলে এই অভিযোগ সত্য নহয় বুলি দাবী কৰিছে৷ ৰেডিঅ’ কেন্দ্রটোৰ পৰা স্বাস্থ্য, মনস্তত্ব আৰু আধ্যাত্মিক বিষয়বস্তুৰ ওপৰত বিভিন্ন কার্যসূচী সম্প্রচাৰ কৰা হৈছিল বুলি কর্মচাৰীসকলে সংবাদ মাধ্যমক জনাইছে৷