নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষকৃত্যৰ বাবে পিতৃৰ দেহ দুটু*কুৰা কৰাৰ প্রস্তাৱ পুত্রৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ফেব্ৰুৱাৰীঃ ভাতৃৰ মাজত বিবাদ থাকে৷ কিন্তু পিতৃৰ মৃত্যুত সকলো বিবাদ–শত্রুতা ত্যাগ কৰি অন্ত্যেষ্টিক্রিয়া, শ্রাদ্ধ আদি একেলগে কৰে পৰিয়ালে৷ এনে দৃশ্য সঘনে দেখিবলৈ পোৱা যায়৷ কিন্তু মধ্যপ্রদেশত এক আশ্চর্যকৰ ঘটনা পোহৰলৈ আহিছে৷ মৃত পিতৃৰ দেহ দু–টুকুৰাকৈ ভগাই সৎকাৰ কৰাৰ প্রস্তাৱ দিলে বিবাদৰত দুই ভাতৃয়ে৷ এই বিষয়টোক লৈ শ্মশানত বিবাদ এনে পর্যায় পালে যে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষী আহিবলগীয়া হ’ল৷ ঘটনাটো সংঘটিত হৈছে মধ্যপ্রদেশৰ তিকমগড় জিলাত৷ জিলাখনৰ জাতাৰা থানাৰ অন্তর্ভুক্ত গাঁৱৰ বাসিন্দা আছিল ধ্যানী সিং ঘোচ৷ দীর্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত দেওবাৰে ৮৪ বছৰ বয়সত ঘোচৰ মৃত্যু হয়৷ মৃত্যুৰ পূর্বলৈকে কনিষ্ঠ পুত্র দেশৰাজৰ সৈতে আছিল ঘোচ৷ ঘোচৰ জ্যেষ্ঠ পুত্র আছিল অন্য গাঁৱত৷ দুয়োজন পুত্রৰ মাজত আছিল দীর্ঘদিনীয়া বিবাদ৷ কিন্তু পিতৃৰ মৃত্যুৰ পিছত জ্যেষ্ঠ পুত্র ঘৰলৈ আহি কৰি দিয়ে হুলুস্থূল৷ অৱশেষত জ্যেষ্ঠ পুত্রই পিতৃৰ দেহ দুটুকুৰা কৰি ভগোৱাৰ প্রস্তাৱ দিয়ে৷ ইয়াক লৈ আৰম্ভ হয় হুলস্থূল৷ অৱশেষত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্রণ কৰে৷

You might also like