নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত অসম সাহিত্য সভাৰ ৭৮সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন, ৰাজহুৱা সভা

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ অসম সাহিত্য সভাৰ সপ্তঅষ্টতিতম দ্বি-বাৰ্ষিক দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতিৰ সন্দৰ্ভত দুলীয়াজান সাহিত্য সভাই এখনি ৰাজহুৱা সভা আহ্বান কৰে। দুলীয়াজান পুৰণি বাছ আস্থানত অনুষ্ঠিত এই সভাৰ প্ৰাকমূহুৰ্তত “চিৰ চেনেহী মোৰ ভাষা জননী” অসম সাহিত্য সভাৰ আদৰণি গীতেৰে সভা মুকলি কৰা হয়। এই সভাতে দুলীয়াজান সাহিত্য সভাৰ উপ-সভাপতি ব্ৰজেন গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে উপস্থিত সাহিত্যপ্ৰেমী ৰাইজে সজোৰে হাত তালিৰে আজিৰে পৰা অনুষ্ঠান সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰে। আনহাতে বিহু পৰিৱেশনেৰে সভাখনৰ উপস্থিত সাহিত্য প্ৰেমী ৰাইজৰ মাজত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে আতচবাজী ফুটাই অসম সাহিত্য সভা দুলীয়াজান অধিৱেশনৰ আদৰণি জনায়। এই সভাত শিক্ষাবিদ হেমকান্ত গগৈ, নলিনী মজুমদাৰ, দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমেন নেওগ, সাহিত্যকৰ্মী বীণা কোঁৱৰ বৰুৱা, উদীয়মান কবি প্ৰদীপ ভাদৈ, জ্যেষ্ঠ নাগৰিক ৰবীন বড়া, তাই আহোম যুৱ পৰিষদৰ সমৰজিৎ ৰাজকোঁৱৰ উপস্থিত থাকি অসম সাহিত্য সভা দুলীয়াজান অধিৱেশনৰ সৰ্বোদিশত সফল কৰি তোলাৰ বাবে দিহা-পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। দুলীয়াজান সাহিত্য সভাৰ সভাপতি ৰঞ্জন মহন্তই আঁত ধৰা আৰু শলাগ জ্ঞাপন কৰা ৰাজহুৱা সভাখনত উপস্থিত থাকে সাহিত্য প্ৰেমী ৰাইজৰ লগতে স্হানীয় বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া-সদস্য, জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ আদি সমাজৰ বিভিন্ন স্তৰত কাম কৰি অহা গণ্য মান্য ব্যক্তিসকল।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like