নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ ফেব্রুৱাৰী, মাঘ মাহৰ ২৪ তাৰিখ
শুকুৰবাৰঃ তিথি–শুক্লা দশমী, নক্ষত্রঃ ৰোহিনী, যাত্রাঃ শুভ

মেষঃ শুভ ৰং হালধীয়া, সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ চাকৰিৰ ক্ষেত্রত কিছু সমস্যা আছে৷ প্রতিকাৰ– বগা ফুল, তুলসীৰ পাত আৰু সেন্দূৰ এখন আগলি কলপাতত লৈ ৰোৱতী পানীত এৰি দিব৷

বৃষঃ শুভ ৰং নীলা, সংখ্যা ৬৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি পাব৷ নিজৰ ভুলত সমস্যাত পৰিব৷ প্রতিকাৰ– তুলসী গছৰ গুৰিত পানী ঢ়ালি প্রণাম কৰিব৷

মিথুনঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৯৷ ব্যৱসায়িক প্রতিষ্ঠানত ক্ষতি হোৱাৰ বয়৷ খং দমন কৰি ৰাখক, অন্যথা ক্ষতি হ’ব৷ সন্তানৰ ভুলৰ বাবে সন্মান হানি হ’ব পাৰে৷ প্রতিকাৰ– ভিক্ষাৰী এজনক খোৱা বস্তু দান কৰিব৷

কর্কটঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ মূল্যৱান বস্তু ক্ষতি হ’ব পাৰে৷ আর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ– ভিক্ষাৰী এজনক খোৱা বস্তু দান কৰিব৷

সিংহঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৬৷ দুর্ঘটনা হৈ আঘাত পাব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– শিৱ লিংগত গাখীৰ, বেলপাত অর্পণ কৰি শিৱৰ আৰাধনা কৰিব৷

কন্যাঃ শুভ ৰং বগা, সংখ্যা ৮৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব৷ কর্মত বাধা আহিলেও সমাধান হ’ব পাৰে৷ আর্থিক সহায় পাব৷ প্রতিকাৰ– গা ধুই সূর্যক প্রণাম কৰি পানী ঢ়ালিব৷

তুলাঃ শুভ ৰং ৰঙা, সংখ্যা ২৷ বিয়াৰ প্রস্তাৱ আহিব পাৰে৷ সম্পত্তিক লৈ কাজিয়া–পেচাল হোৱাৰ সম্ভাৱনা৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব৷ পাৰিলে মিঠা ফল দান কৰক৷

বৃশ্চিকঃ শুভ ৰং হালধীয়া, সংখ্যা ৪৷ আনৰ উপদেশ মতে কাম কৰি বিপদত পৰিব পাৰে৷ ঘৰতে অপদস্ত হোৱাৰ বয়৷ টকা–পইচা অবাবত খৰচ হ’ব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– ঘৰলৈ অহা ভিক্ষাৰী এজনক জলপান কৰাব৷

ধনুঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে৷ শুভ কামৰ আৰম্ভ হ’ব পাৰে৷ হাতলৈ টকা–পইচা আহিব৷ প্রতিকাৰ– হনুমান মন্দিৰত মিঠা ফল দান কৰক৷

মকৰঃ শুভ ৰং নীলা, সংখ্যা ৭৷ পাৰিবাৰিক অন্তঃকলহ বাঢ়িব৷ শত্রুৰ পৰা সাৱধান হ’ব৷ পিছলৈ ভৰিৰ আঘাত পাব পাৰে৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে৷ প্রতিকাৰ– শনি মন্দিৰত ধূপ–চাকি জ্বলাব পাৰে৷

কুম্ভঃ ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দিনৰ ২ বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৩৷

মীনঃ কর্মক্ষেত্রত জটিলতা উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

You might also like