ধুবুৰীত দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট, নি*হত ১, আহত ৩
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী : ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ভাষানীৰচৰ অঞ্চলৰ পোকামাৰি চৰত দুটা ফৈদৰ মাজত হোৱা ভয়ংকৰ মাৰপিটৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী লোক গুৰুতৰ আহত অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি হ’বলগীয়া হৈছে। জানিব পৰা মতে, গাঁওখনৰেই আব্দুল মতিন আৰু সুজাব আলীৰ পক্ষৰ মাজত আৰম্ভ হোৱা এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ এক জাঁই গুলীচালনা কৰিবলগীয়া হয়। মাৰপিটৰ এই ঘটনাটোত সুজাব আলী (৪৯) নামৰ এজন লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাবে আহত হোৱা ছয়বৰ আলী, আজাহাৰ আলী আৰু শেখ নামৰ লোক তিনিগৰাকী বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত চিকিৎসাধীন অৱস্থাত আছে। বৰ্তমানেও গাঁওখনত চেপা উত্তেজনা বিৰাজ কৰিছে যদিও আৰক্ষীৰ এক বৃহৎ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। শেহতীয়াকৈ জানিব পৰা মতে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰছিদ নামৰ লোক এজনক আটক কৰি সোধাপোছা চলাই আছে। ইপিনে, স্থানীয় এটা সূত্ৰই দাবী কৰা মতে, বিগত বছৰৰ ছেপ্টেম্বৰ মাহত নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলঙৰ নির্মাণকাৰ্যত ব্যৱহৃত বাহন এখনৰ তেল চুৰিৰ গোপন ভিডিঅ’ কৰাৰ ঘটনা এটাক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত উমি উমি জুই জ্বলি আছিল আৰু আজি সেয়া চূড়ান্ত ৰূপ লয়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী