নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেদিনাই তিনি ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ৭

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষীৰ বৃহৎ সফলতা। গোপন সূত্ৰৰ পম খেদি জিলা খনৰ তিনিটা স্থানত অভিযান চলাই হিৰ’ইন সহ গ্ৰেপ্তাৰ কৰে ৭জনকৈ ব্যৱসায়ীক। যোৱানিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত মানকাচৰ ২নং পুৱেৰ গাঁৱত অভিযান চলাই চিৰাজ উল দোহা, ৰিজৱানুল ইছলাম, হাশিনুৰ ইছলাম, গ্ৰেপ্তাৰ কৰে তেওঁলোকৰ পৰা ১১ গ্ৰাম হেৰাইন,নগদ ৬২১২৫ টকা জব্দ কৰে। ইফালে নিশা মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং জোৰডাঙ্গাত নাকা চেকিংৰ সময়ত এটা টোটো ৰিক্সাৰ পৰা ৫৪ বটল নিচা জাতীয় ছিৰাপ,১৮০ টা নিচা জাতীয় টেবলেট জব্দ কৰে লগতে টটো ৰিক্সা চালক ফজু মিয়া আৰু ড্ৰাগছ পেডলাৰ আব্দুল আয়ুব নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰে। আনহাতে দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে শুক্ৰবাৰৰ সন্ধিয়া ধেনাৰকুটিত গোপন সুত্ৰৰ পম খেদি অভিযান চলাই দুজন লোকক পৰা ৫৭ গ্ৰাম হেৰাইন আৰু আপত্তি জনক নথি পত্ৰ জব্দ কৰে।লোক দুজন মানকাচৰৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাপানী গাঁৱৰ ছলেমান শ্বেখ আৰু মিনাল হোচেন বুলি জানিব পৰা গৈছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like