শপতগ্ৰহণৰ পিছতেই মোদীক আমেৰিকা ভ্ৰমণলৈ আমন্ত্ৰণ ট্ৰাম্পৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০-১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণলৈ যাব। ইয়াত অনুষ্ঠিত হ’বলগীয়া এআই শীৰ্ষ সন্মিলনৰ সহ-সভাপতি হ’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে, য’ত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু চীনৰ উপ-প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিব। ১০ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে পেৰিছত উপস্থিত হ’ব, য’ত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আয়োজন কৰা ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আমন্ত্ৰণত ১২-১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিব। ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ভ্ৰমণ। নতুন প্ৰশাসন ক্ষমতালৈ অহাৰ তিনি সপ্তাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী মোদীক আমেৰিকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হয়, যিয়ে দুয়োখন দেশৰ মাজত থকা সুদৃঢ় সম্পৰ্কক দেখুৱাইছে। ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ২০১৭ আৰু ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ বিশেষ দূত হিচাপে ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। আমেৰিকাৰ নতুন বৈদেশিক মন্ত্ৰীৰ প্ৰথমখন দ্বিপাক্ষিক বৈঠক আছিল ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে। একে সময়তে ৬ ফেব্ৰুৱাৰীত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী পিট হেগেৰ্থৰ সৈতে ফোনযোগে কথা পাতিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এআই একচন ছামিটত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইণ্ডিয়া ফ্ৰান্সৰ চিইঅ’ ফ’ৰামত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। এআই একচন ছামিট অতি গুৰুত্বপূৰ্ণ, এইটো এই ধৰণৰ তৃতীয় উচ্চ পৰ্যায়ৰ শীৰ্ষ সন্মিলন। ইয়াৰ পূৰ্বে এই সন্মিলন ব্ৰিটেইন আৰু দক্ষিণ কোৰিয়াত অনুষ্ঠিত হৈছিল। ভাৰতৰ বৈদেশিক সচিবে কয় যে আমি এনে এআই এপ্লিকেচনৰ পক্ষত আছো যিবোৰ নিৰাপদ আৰু নিৰ্ভৰযোগ্য। অহা ১২ ফেব্ৰুৱাৰীত ফ্ৰান্সৰ মাৰ্চেইলত ভাৰতৰ নতুন কনছুলেট জেনেৰেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনো তেওঁৰ সৈতে তাত উপস্থিত থাকিব।