নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰণত পৰিল কেজৰিৱাল-ছিছডিয়া, কংগ্ৰেছৰ ‘০’ৰ হেটট্ৰিক

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে আম আদমী পাৰ্টি। এফালে আপে পৰাজয়ৰ দিশে আগবাঢ়িছে। আনহাতে, নতুন দিল্লীৰ আসনৰ পৰা নিৰ্বাচনত পৰাস্ত হৈছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল। বিজেপিৰ প্ৰাৰ্থী প্ৰবেশ ভাৰ্মাই তেওঁক পৰাস্ত কৰে। আনহাতে কংগ্ৰেছৰ সন্দীপ দীক্ষিত তৃতীয় স্থানত থাকে। দশম ৰাউণ্ডলৈকে অৰবিন্দ কেজৰিৱালে মুঠ ২০১৯০ টা ভোট লাভ কৰে। আনহাতে প্ৰবেশ ভাৰ্মাই ২২০৩৪ টা ভোট লাভ কৰে। এইদৰে প্ৰবেশ ভাৰ্মা ১৮৪৪ টা ভোটত অৰবিন্দ কেজৰিৱালৰ পিছত আছিল। ইয়াৰ বাহিৰেও সন্দীপ দীক্ষিতে লাভ কৰে ৩৫০৩টা ভোট। ট্ৰেণ্ডৰ আৰম্ভণিৰে পৰাই প্ৰবেশ ভাৰ্মাৰ পিছত অৰবিন্দ কেজৰিৱাল পিছপৰি আছিল। দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে। বৰ্তমান বিজেপিয়ে ৪৭খন আসনত আগবাঢ়ি আছে, তাৰ ভিতৰত বিজেপিয়ে বহু আসন লাভ কৰিছে। আনহাতে আম আদমি পাৰ্টিয়ে ২২খন আসনত আগবাঢ়ি আছে। ইয়াৰ লগে লগে কংগ্ৰেছে একেৰাহে তৃতীয়বাৰৰ বাবে একাউণ্ট খুলিব পৰা নাই। কেৱল অৰবিন্দ কেজৰিৱালেই নহয়, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা জাংপুৰাৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনীষ ছিছ’দিয়াও এই নিৰ্বাচনত পৰাস্ত হৈছে। অৱশ্যে কলকাজী আসনৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে নিৰ্বাচনত জয়ী হোৱাটো আম আদমী পাৰ্টিৰ বাবে সকাহৰ বিষয়। বিজেপিৰ প্ৰাৰ্থী ৰমেশ বিধুৰীক পৰাস্ত কৰে আতিশীয়ে।

You might also like