নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত আতংকত চাকৰি ত্যাগ ভাৰতীয় শিক্ষার্থীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ ক্ষমতালৈ অহাৰ পিছতে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ অবৈধ অনুপ্রৱেশকাৰী বিতাড়নৰ নীতিয়ে ভয়াৱহ সংকটত পেলাইছে ভাৰতীয় শিক্ষার্থীসকলক৷ বৃহৎসংখ্যক ভাৰতীয় শিক্ষার্থীয়ে পার্ট টাইম চাকৰি ত্যাগ কৰিবলৈ বাধ্য হৈছে৷ অথচ আমেৰিকাত থাকি নিজৰ খৰচ আৰু পঢ়া–শুনাৰ খৰচ উলিয়াবলৈ এই পার্ট টাইম চাকৰিয়েই একমাত্র ভৰসা বহু ভাৰতীয় শিক্ষার্থীৰ৷ ট্রাম্পৰ কঠোৰ নীতিৰ ফলত চাকৰি ত্যাগ কৰিবলৈ বাধ্য হোৱা ভাৰতীয় শিক্ষার্থীসকল স্বাভাৱিকতে সংকটৰ সন্মুখীন হৈছে৷ নিয়ম অনুসৰি পঢ়া–শুনাৰ বাবে যদি কোনো শিক্ষার্থীয়ে আমেৰিকাত উপস্থিত হয় তেন্তে তেওঁক দিয়া হয় এফ–১ ভিছা৷ কিন্তু যোৱা এবছৰ ধৰি সেই ভিছা প্রদান কৰা কার্য ব্যাপকভাৱে কমাই দিছে চৰকাৰে৷ মার্কিন বিদেশ মন্ত্রণালয়ৰ তথ্য অনুসৰি ২০২৩ চনত ১ লাখৰ বেছি এনেধৰণৰ ভিছা দিয়া হৈছিল৷ ২০২৪ চনত সেয়া ৬৪ হাজাৰলৈ হ্রাস কৰা হৈছে৷ ইয়াৰ ফলত স্বাভাৱিকতেই সংকটত পৰিছে ভাৰতীয় শিক্ষার্থীসকল৷ লক্ষণীয়ভাৱে চাকৰিৰ ক্ষেত্রতো অনুৰূপ ঘটনা ঘটিছে৷ যিকোনো চাকৰিত বিদেশীসকলৰ বিপৰীতে স্থানীয় মার্কিন যুৱক–যুৱতীসকলক্ অগ্রাধিকাৰ দিয়াৰ কথা ঘোষণা কৰিছে ট্রাম্পে৷ নিয়ম অনুসৰি এফ–১ ভিছা পোৱা শিক্ষার্থীসকলে সপ্তাহত ২০ ঘণ্টাকৈ কাম কৰিব লাগে আমেৰিকাত৷ সেয়াও আকৌ আমেৰিকাৰ কলেজত ভর্তি হোৱাৰ পাছত প্রথম এবছৰৰ বাবেহে পোৱা যায়৷ অর্থাৎ প্রথম এবছৰলৈ সুযোগ থাকে এই কামৰ৷ পৰৱর্তী সময়ত চাকৰিৰ বাবে প্রশাসনৰ পৰা অনুমতি ল’বলগীয়া হয়৷ কিন্তু বাস্তৱত সেই নিয়ম এতিয়া চলা নাই আমেৰিকাত৷ এই সূত্র ধৰি বিদেশী শিক্ষার্থীসকলৰ ওপৰত ট্রাম্পে নতুন কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ ৰেষ্টুৰেণ্ট, পেট্র’লপাম্প আদিৰ পৰা ভাৰতীয় শিক্ষার্থীসকলক বিচাৰি উলিয়াই কাম এৰিবলৈ বাধ্য কৰাইছে আৰক্ষীয়ে৷ এনে পৰিস্থিতিত বহু শিক্ষার্থীয়ে আধাতে শিক্ষা এৰি গৃহভূমিলৈ প্রত্যাৱর্তন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

You might also like