নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন সম্পন্ন

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ এক আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন ৮ ফেব্ৰুৱাৰীত সফলতাৰে সম্পন্ন হয়। টাটা কেমিকেলছৰ পৰিচালন সঞ্চালক আৰু চি ই অ’ ৰামকৃষ্ণন মুকুণ্ডন, বাজাজ এলাইঞ্চৰ পৰিচালন সঞ্চালক আৰু চি ই অ’ তপন সিংহেলে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সমাৱৰ্তন অনুষ্ঠানটিৰ আদৰণী ভাষণ প্ৰদান কৰে কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: পি কে মিশ্ৰাই। ভাষণ প্ৰসংগত উপাচাৰ্য্য গৰাকীয়ে বিশ্ববিদ্যালয়খনৰ ১৪ বছৰীয়া কৰ্মৰাজী আৰু সফলতাৰ সন্ধৰ্ভত ব্যাখ্যা দাঙি ধৰাৰ লগতে গৱেষণা, নৱীকৰণযোগ্য শক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু আধুনিক কৃষি পদ্ধতিৰ সন্ধৰ্ভত বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা সমূহৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে এইবাৰৰ সমাৱৰ্তন অনুষ্ঠানত বাজাজ এলাইঞ্চৰ পৰিচালন সঞ্চালক আৰু চি ই অ’ তপন সিংহেললৈ ভাৰত বৰ্ষৰ বীমাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে আৰু ইচৰ’ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীধাৰা পানিকেৰ সোমনাথলৈ (অনুপস্থিতিত) মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মনপূৰ্বক ভাবে ডক্তৰেট ডিগ্ৰী আগবঢ়োৱা হয়। উল্লেখযোগ্য যে মুখ্য অতিথি হিচাবে উপস্থিত থকা টাটা কেমিকেলছৰ পৰিচালন সঞ্চালক আৰু চি ই অ’ ৰমকৃষ্ণন মুকুণ্ডনে বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা আৰু বিশ্ববিদ্যালয় খনৰ আধুনিক আন্ত:গাঁথনি ব্যৱস্থাক প্ৰসংশা কৰে। ইয়াৰোপৰি বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা তপন সিংহেলে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি তেওঁলোকৰ ভৱিষ্যত শিক্ষাৰ সন্দৰ্ভত লবলগীয়া ব্যবস্থা সন্দৰ্ভত উৎসাহমূলক এক বক্ত্যব আগবঢ়াই। এই অনুষ্ঠানত উপস্থিত আছিল বিশ্ববিদ্যালয়ৰ Pro-Chancellors বসন্ত খেটান, ৰেইনি খেটান, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ এইচ ৰবি শংকৰ কামাথ আৰু NISTADSৰ প্ৰাক্তন সঞ্চালক ড০ প্ৰশান্ত গোস্বামীৰ লগতে আৰু বহুজন গণ্যমান্য ব্যক্তি। এই সমাবৰ্তনত মুঠ ১১৩৮গৰাকী ছাত্ৰ ছাত্ৰীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰা হয়।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like