বৈবাহিক জীৱনৰ প্ৰাকমুহূৰ্তত শচীনক নিঠৰুৱা কৰি গ’লগৈ জানমণি
নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰী : ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কৰ শেষত বৈবাহিক জীৱনৰ উদ্দেশ্যে প্ৰেমিকৰ সৈতে যাত্ৰা কৰা এগৰাকী যুৱতীয়ে আকোঁৱালি লব লগা হৈছে মৃত্যুক। ইফালে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে প্ৰেমিক যুৱক। প্ৰাপ্ত তথ্য অনুসৰি চিলাপথাৰ থানাৰ অন্তৰ্গত দাম্বুক বলুকাগুৰি গাঁৱৰ জানমণি মেদক (২২) নামৰ এগৰাকী যুৱতীৰ সৈতে ভাঙিদিয়া চিচিমুখ গাঁৱৰ শচীন দলেৰ (৩০) আছিল দীঘলীয়া প্ৰেমৰ সম্পৰ্ক। দীৰ্ঘদিনীয়া এই প্ৰেমৰ অন্তত কালি বিবাহৰ বাবে এখন glamour বাইকৰে গৃহৰ পৰা একপ্ৰকাৰ পলায়ন কৰিছিল প্ৰেমিক যুগলে। পিছে যোৱানিশা প্ৰায় ৯ বজাত পিপলগুৰি নামৰ গাঁওখনত দূৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত হ’ল জানমণি। প্ৰেমিক শচীনো গুৰুতৰভাৱে আহত হৈ বৰ্তমান ডিব্ৰুগড়ৰ এখন চিকৎসালয়ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে। ইফালে তথ্য অনুসৰি তেওঁলোকে সেই পথেৰে আহি থকা অৱস্থাত এই দুই প্ৰেমিক আৰু প্ৰেমিকাক বাইকসহ পথত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে আৰু তৎকালীনভাৱে ১০৮ এম্বুলেন্স সেৱালৈ খবৰ কৰে। অৱশ্যে সঠিক কাৰণ আৰক্ষীৰ তদন্ততহে স্পষ্ট হব।
প্ৰেৰক নয়নমণি মহন্ত