বৰভাগত ২৫ হাজাৰ টকাত ক্ৰয় কৰিলে এখন গামোচা
নিয়মীয়া বাৰ্তা, বৰভাগ, ১০ ফেব্ৰুৱাৰী : এখন বিশেষ গামোচা। গামোচাখন কিনিবলৈ ব্যাপক ভিৰ। দৰদাম দেখিলে চকু কপালত উঠিব বহুতৰে। অসমীয়াৰ স্বাভিমান গামোচা এখনৰ মূল্য উঠিল ২৫ হাজাৰ টকা। নলবাৰী জিলাৰ বৰভাগৰ ৰণাকুছিত কালি এই বিশেষ গামোচাখন ক্ৰয় কৰিবলৈ হেতাওপৰা ৰাইজৰ। গামোচাখনৰ নিলাম প্ৰক্ৰিয়াত দৰ উঠিল ২৫ হাজাৰ টকা। দুদিনীয়া কাৰ্যসূচীৰে বৰভাগৰ ৰণাকুছি বৰগোঁসাই ঘৰৰ বাৰ্ষিক হোম যজ্ঞ অনুষ্ঠিত হয়। এইবেলি ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত বাৰ্ষিক হোম যজ্ঞ অনুষ্ঠানৰ দ্বিতীয় দিনা বিক্ৰী হয় গামোচাখন। পুৱাৰে পৰা বিভিন্ন মাংগলিক আৰু সামাজিক কাৰ্যসূচী ৰূপায়ণৰ শেষত দিনৰ ভাগত উলিওৱা হয় ধৰ্মীয় শোভাযাত্ৰা। এই ধৰ্মীয় শোভাযাত্ৰাত বৰগোঁসাই ঘৰৰ মূল সিংহাসনৰ লগতে এখন গামোচা পৰিভ্ৰমণ কৰা হয়। লোকাচাৰ অনুসৰি প্ৰভূৰ এই মূল গামোচাখনত সকলোয়ে সামৰ্থ্য অনুসৰি দান-দক্ষিণা দি সেৱা লয়। অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতিত এই ধৰ্মীয় শোভাযাত্ৰাত পৰিভ্ৰমণ কৰি অহাৰ পিছত এই বিশেষ গামোচাখনৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হয়। গামোচাখন যিয়ে কিনিব তেওঁলোকৰ পৰিয়ালৰ মংগল হোৱা বুলি এক লোকবিশ্বাস আছে। যাৰ বাবে কালি বিশেষ গামোচাখন কিনিবলৈ এইদৰে ভিৰ কৰা পৰিলক্ষিত হয় ৰণাকুছিৰ বৰগোসাঁই ঘৰৰ বাকৰিত। অৱশেষত নগেন্দ্ৰ কলিতাই ২৫ হাজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰে গামোচাখন।
প্ৰেৰক আব্দুল কাদেৰ আহমেদ