নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি চেম্পিয়নছ ট্রফীত বুমৰাহৰ অংশগ্রহণ সন্দৰ্ভত চূড়ান্ত ৰায়দান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত টীম ইণ্ডিয়াৰ তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহৰ অংশগ্রহণক লৈ অনিশ্চয়তা আহি পৰিছে৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত বুমৰাহৰ অংশগ্রহণ সন্দর্ভত আজি চূড়ান্ত হ’ব৷ চেম্পিয়নছ ট্ৰফীৰ বাবে অংশগ্রহণকাৰী দলৰ তালিকা জমা দিয়াৰ ক্ষেত্রত আইচিচিয়ে বান্ধি দিয়া সীমা আজি অন্ত পৰিব৷ সেয়ে আজি দল সন্দর্ভত বিচিচিআয়ে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব লাগিব৷ গতিকে বুমৰাহে চেম্পিয়নছ ট্ৰফীত খেলিব পাৰিব নে নোৱাৰে, সেয়া আগন্তুক ২৪ ঘণ্টাত নিশ্চিত হ’ব৷ শেহতীয়াকৈ বুমৰাহে বেংগালুৰুস্থিত বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সত পিঠিৰ স্কেন কৰাইছে৷ এনে পৰিস্থিতিত বিচিচিআইৰ চিকিৎসা দলে নির্বাচকৰ ওচৰত প্রতিবেদন দাখিল কৰিব৷ তাৰ পিছতে যশপ্রীত বুমৰাহৰ অংশগ্রহণৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷ যদি বুমৰাহক সম্পূর্ণ ফিট ঘোষণা কৰা নহয়, তেতিয়া ভাৰতীয় দল তথা অনুৰাগীৰ বাবে এয়া হৈ পৰিব অত্যন্ত নিৰাশাজনক খবৰ৷ সেয়ে এতিয়া প্রতিগৰাকী ক্রিকেটপ্রেমীয়েই বিচিচিআইৰ চূড়ান্ত সিদ্ধান্তৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰিছে৷

You might also like