নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিষেকতে ১৫০ : বিশ্ব ৰেকর্ড মেথিউ ব্রিটজকেৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ এদিনীয়া আন্তর্জাতিক ক্রিকেটত অভিষেকতে নজিৰ গঢ়িলে দক্ষিণ আফ্রিকাৰ মেথিউ ব্রিটজকে৷ পাকিস্তানত চলি থকা ত্রিদেশীয় শৃংখলাৰ নিউজিলেণ্ডৰ বিপক্ষে খেলা মেচখনত ১৫০ ৰানৰ দুর্দান্ত ইনিংছ খেলে ২৬ বছৰীয়া অ’পেনাৰগৰাকীয়ে৷ ১১টা চাৰি আৰু ৫টা ছয়েৰে ১৪৮টা বলত ১৫০ ৰান কৰি নতুন নজিৰ গঢ়ে ব্রিটজকেই৷ এদিনীয়া ক্রিকেটত অভিষেক মেচত সর্বাধিক ৰান কৰি বিশ্ব ৰেকর্ড গঢ়িলে দক্ষিণ আফ্রিকাৰ উইকেটকীপাৰ–বেটাৰগৰাকীয়ে৷ ব্রিটজকেৰ পূর্বে অভিষেক মেচৰ সর্বাধিক ৰান কৰাৰ নজিৰ আছিল ৱেষ্ট ইণ্ডিজৰ প্রাক্তন তাৰকা বেটাৰ ডেছমন হেইনছৰ৷ ১৯৭৮ চনৰ এদিনীয়া আন্তর্জাতিকৰ অভিষেক মেচত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ১৪৮ ৰান কৰিছিল হেইনছে৷ ৪৭ বছৰৰ পিছত হেইনছৰ বিশ্ব ৰেকর্ডটো ভংগ কৰিলে ব্রিটজকেই৷ ইফালে এদিনীয়া আন্তর্জাতিক মেচৰ অভিষেক মেচত শতক অর্জন কৰা ব্রিটজকে হ’ল দক্ষিণ আফ্রিকাৰ চতুর্থগৰাকী বেটাৰ৷ ইয়াৰ পূর্বে এই কৃতিত্ব অর্জন কৰা প্রটিয়াজ বাহিনীৰ আনকেইগৰাকী খেলুৱৈ হ’ল ৰীজা হেনড্রিকছ, ট’নী ডি জ’র্জি আৰু ক’লিন ইনগ্রাম৷

You might also like