নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিত শিশু উদ্যান নিৰ্মাণৰ নামত চোৰাংকৈ গছ কাটি বিক্ৰী খণ্ড বন বিষয়াৰ

নি‌য়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰী : ওদালগুৰিৰ টংলাত প্ৰকৃতি ধ্বংসৰ আখৰা৷ বন ধ্বংসযজ্ঞত জড়িত স্বয়ং বন বিষয়া মৃণ্ময় হাজৰিকাৰ ওপৰত গুৰুত্বৰ অভিযোগ দল-সংগঠনৰ। গছপুলি ৰোপনেৰে সেউজ ধৰা নিৰ্মানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাসী আঁচনি ৷ আনফালে বন বিভাগৰ হাততে নগ্ন প্ৰকৃতি, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰে একাংশ বন বিষয়াই ৷ ৰাজ্যৰ একাংশ বন বিষয়াই বন আইন উলংঘাৰে প্ৰকৃতি ধ্বংসৰ আখৰা চলাইছে বিটিআৰ তথা ৰাজ্যত৷ এইসকল বিষয়াই নিজৰ পকেট গধুৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ সপোনক ধূলিস্যাত কৰি আহিছে৷ কিমান শুনিব কিমান চাব বিয়াগোম বন বিভাগৰ একাংশ বিষয়াৰ ময়মতালিৰে চলোৱা দুৰ্নীতি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিটিআৰত এতিয়া বন বিভাগৰ ছত্ৰচায়াত চলিছে বন ধ্বংসৰ প্ৰতিযোগিতা৷ বিটিআৰৰ বন বিভাগৰ নিল্লিপ্ততাৰ সুযোগ লৈ বন বিষয়াৰ ছত্ৰচায়াত চলিছে বিয়াগোম কেলেংকাৰ ৷ ওদালগুৰি জিলাৰ টংলাত বন বিষয়াৰ নেতৃত্বত বন ধ্বংসৰ ভয়ংকৰ ছবিয়ে শংকিত কৰিছে সচেতন মহলক৷ ওদালগুৰিৰ টংলাত শিশু উদ্যান নিৰ্মানৰ নামত স্বয়ং খণ্ড বন বিষয়াই চোৰাংকৈ গছ কাটি বিক্ৰী কৰাৰ তথ্য পোহৰলৈ অহাত এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ টংলাৰ খণ্ড বন বিষয়া মৃণ্ময় হাজৰিকাৰ বিৰুদ্ধে উথ্থাপন হৈছে এই ভয়ংকৰ অভিযোগ। শিশু উদ্যান নিৰ্মানৰ নামত খণ্ড বন বিষয়া মৃণ্ময় হাজৰিকাই কেইবাজোপা মূল্যবান গছ কাটি বিক্ৰী কৰাৰ অভিযোগ তুলিছে বীৰ লাচিত সেনা অসম আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু ওদালগুৰি জিলা বন বিষয়াৰ জ্ঞাতসাৰেই এতিয়া বিটিচিত মণ্ময় হাজৰিকাৰ দৰে একাংশ দুৰ্নীতিগ্ৰস্থ বন বিষয়াই বিটিআৰৰ সেউজ বনভূমি ধ্বংস কৰি উলংগ কৰি আহিছে প্ৰকৃতিক৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সেউজ বিপ্লৱৰ সপোনক বুঢ়া আঙুলি দেখুৱাই প্ৰমোদ বড়োৰ বিটিচিৰ একাংশ বন বিষয়াৰ দুষ্কাৰ্যই এতিয়া সমগ্ৰ সেউজ বিপ্লৱৰ সপোনকে বেবেৰিবাং কৰি তুলিছে৷ শীঘ্ৰে মৃণ্ময় হাজৰিকাৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনা অসম আৰু কৃষক মুক্তি সংগ্ৰামে। টংলাৰ খণ্ড বন বিষয়া মণ্ময় হাজৰিকাৰ এই দুষ্কাৰ্যক বিটিআৰ প্ৰধান প্ৰমোদ বড়োই কিদৰে গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷

প্ৰেৰক পিংকু কলিতা

You might also like