নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া ক্ৰিকেটত দ্ৰুততম ৰানৰ অনন্য অভিলেখ গিলৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চলি আছে ভাৰত আৰু ইংলেণ্ডৰ তৃতীয়খন এদিনীয়া। ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৰ আৰম্ভণি ভাল নাছিল। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হৈছিল। ইয়াৰ পিছত শুভমন গিল আৰু বিৰাট কোহলিয়ে দায়িত্ব লয়, ৰান কৰে আয়াৰেও। একে সময়তে শুভমন গিলে নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আচলতে এদিনীয়া ইতিহাসত ২৫০০ ৰান সংগ্ৰহ কৰা দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হৈছে শুভমন গিল। এদিনীয়া খেলৰ ৫০ ইনিংছত এই সংখ্যা স্পৰ্শ কৰে শুভমন গিলে। ইয়াৰ পূৰ্বে এই অভিলেখ দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি হাছিম আমলাৰ নামত আছিল। ৫১ ইনিংছত ২৫০০ এদিনীয়া ৰান সংগ্ৰহ কৰি এই কৃতিত্ব অৰ্জন কৰে হাছিম আমলাই। কিন্তু এতিয়া শুভমন গিলে হাছিম আমলাক অতিক্ৰম কৰিছে। এই তালিকাত তৃতীয় স্থানত আছে পাকিস্তানৰ ইমাম উল হক। ইমাম উল হকে ৫২ ইনিংছত এই কৃতিত্ব অৰ্জন কৰে। একে সময়তে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন কিংবদন্তি ভিভিয়ান ৰিচাৰ্ডছ এদিনীয়া ফৰ্মেটত ২৫০০ ৰান সংগ্ৰহ কৰা চতুৰ্থজন দ্ৰুততম বেটছমেন। ভিভিয়ান ৰিচাৰ্ডছে এদিনীয়া খেলৰ ৫৬ ইনিংছত এই কৃতিত্ব অৰ্জন কৰে। ইয়াৰ পিছত ইংলেণ্ডৰ ক্ৰিকেটাৰ জনাথন ট্ৰটৰ নাম আহিছে। ৫৬ ইনিংছত এই সংখ্যাত উপনীত হয় জনাথন ট্ৰটে। অৱশ্যে এই তালিকাৰ শীৰ্ষ স্থানত উপনীত হৈছে শুভমন গিল। পৰিসংখ্যা অনুসৰি শুভমন গিলে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ৫০খন এদিনীয়া খেলত অংশগ্ৰহণ কৰিছে। য’ত এই বেটছমেনে গড়ে ৬০.৩৮ আৰু ষ্ট্ৰাইক ৰেট ১০১.৭২ত ২৫৩৬ ৰান সংগ্ৰহ কৰিছে।

You might also like