বর্ণিল কেৰিয়াৰত কৃতিত্ব অর্জন কিং কোহলিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ বর্ণিল কেৰিয়াৰত আন এক কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ এছিয়া উপ–মহাদেশত দ্রুত গতিত ১৬ হাজাৰ আন্তর্জাতিক ৰান সম্পূর্ণ কৰি প্রথমগৰাকী খেলুৱৈৰূপে নজিৰ গঢ়ে কোহলিয়ে৷ আহমেদাবাদত ইংলেণ্ডৰ বিপক্ষে খেলা তৃতীয় তথা অন্তিমখন এদিনীয়াত ৫২ ৰানৰ ইনিংছ খেলি এই মাইলষ্ট’নত প্রৱেশ কৰে ভাৰতীয় বেটাৰগৰাকীয়ে৷ মেচখনত ভাৰতীয় ইনিংছৰ দ্বাদশ অভাৰৰ অন্তিমটো বলত ১ ৰান সংগ্রহ কৰি এছিয়া উপ–মহাদেশত ১৬ হাজাৰ আন্তর্জাতিক ৰান সম্পূর্ণ কৰে৷ ইফালে ইংলেণ্ডৰ বিপক্ষে ক্রিকেটৰ তিনিওটা সংস্কৰণত দ্রুত গতিত ৪ হাজাৰ ৰান সম্পূর্ণ কৰি প্রথমগৰাকী ভাৰতীয় হিচাপে নজিৰ গঢ়ে কোহলিয়ে৷ ১০৯টা ইনিংছত এই গৌৰৱৰ অধিকাৰী হয় তাৰকা বেটাৰগৰাকী৷ ইফালে ইংলেণ্ডৰ বিৰুদ্ধে এই কৃতিত্ব অর্জন কৰা কোহলি হ’ল বিশ্বৰ ষষ্ঠগৰাকী খেলুৱৈ৷