নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুৰ পিছত ঝুমুৰ নৃত্যৰে বিশ্বাভিলেখৰ প্রস্তুতি, ৮০০০ শিল্পীৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ বিহুৰ পাছত এইবাৰ ঝুমুইৰ নাচৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ৷ এই লক্ষ্যৰে ২৪ ফেব্রুৱাৰীত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’৷ ৮ হাজাৰ শিল্পীয়ে ঝুমুইৰ নাচেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে ভাগ ল’ব অনুষ্ঠানত৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত হ’বলগা এই বিশাল তথা আকর্ষণীয় অনুষ্ঠানটোৰ বাবে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে ৰাজ্য চৰকাৰে৷ আজি ‘ঝুমুইৰ বিনন্দীয়া’ অনুষ্ঠানৰ এক পর্যালোচনা বৈঠকত অংশগ্রহণ কৰি প্রস্তুতিৰ সবিশেষ তথ্য সংগ্রহ কৰে মন্ত্রী অশোক সিংহলে৷ এই সন্দর্ভত মন্ত্রীগৰাকীয়ে এক সংবাদ মেলত কয় যে ২১ ফেব্রুৱাৰীৰ পুৱাৰে পৰা ২৩ ফেব্রুৱাৰীলৈ তিনিদিন ‘ঝুমুইৰ বিনন্দীয়া’ৰ আখৰা চলিব৷ আনহাতে ২৩ ফেব্রুৱাৰীৰ দিনটোত সম্পূর্ণ ঝুমুইৰ নাচৰ সাজ–পোছাকেৰে আখৰাত অংশ ল’ব লাগিব শিল্পীসকলে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি ২০ ফেব্রুৱাৰীৰ নাচত অংশগ্রহণ কৰিবলগা সকলো শিল্পী গুৱাহাটীত উপস্থিত হ’ব লাগিব৷ তেওঁলোকৰ বাবে গুৱাহাটীৰ বিভিন্ন হোটেল, ৰিজ’ৰ্ট, হোষ্টেলত থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হৈছে৷ চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষে আয়োজন কৰা এই ‘ঝুমুইৰ বিনন্দিনী’ অনুষ্ঠানৰ ২৪ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভাৰম্ভ কৰিব৷ প্রধানমন্ত্রীগৰাকীৰ্ লগত এই অনুষ্ঠানত অংশ ল’ব এডভাণ্টেজ আছাম ২.০লৈ অহা অভ্যাগতসকলেও৷ কেইবাজনো বিদেশী ৰাষ্ট্রৰ প্রতিনিধি তথা উদ্যোগপতিয়ে ইয়াৰ আগতেই গুৱাহাটীত উপস্থিত হ’ব৷ এইসকল বিদেশী অতিথি বিশ্ব অভিলেখৰ সাক্ষী হ’ব তথা এক মধুৰ ক্ষণত উপস্থিত থকাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা অনুৰোধ অতিথিসকলে গ্রহণ কৰিছে৷

You might also like