দুর্নীতিগ্রস্ত দেশৰ তালিকাত ৯৬সংখ্যক স্থানত ভাৰত
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ বিশ্বৰ সবাতোকৈ দুর্নীতিগ্রস্ত শীর্ষ ১০০ৰ তালিকাত স্থান লাভ ভাৰতৰ৷ ভাৰতৰ দুর্নীতি ধাৰণাসূচক চমুকৈ চিপিআই ২০২৪ৰ তালিকাত ৯৬সংখ্যক স্থান৷ ১৮০খন দেশৰ ভিতৰত ভাৰতে ৯৬সংখ্যক স্থান লাভ কৰিছে৷ ২০২৩ৰ তুলনাত ভাৰতৰ স্থান ২টা নিম্নগামী হৈছে৷ উল্লেখ্য যে ভাৰতৰ সৈতে স্থান লাভ কৰিছে গাম্বিয়া আৰু মালদ্বীপে৷ চিপিআইৰ আধাৰত দেশ এখনৰ দুর্নীতি নির্ধাৰণ কৰা হৈছে৷ চৰকাৰী অনুষ্ঠানৰ পৰা বেচৰকাৰী অনুষ্ঠানলৈকে দুর্নীতিৰ সূচাংকত পাকিস্তানৰ স্থান ১৩৫, শ্রীলংকা ১২১, বাংলাদেশৰ ১৪৯ আৰু চীনৰ ৭৬৷ ডেনমার্ক হৈছে দুর্নীতি আটাইতকৈ কম হোৱা দেশ৷ ইয়াৰ পিছত স্থান লাভ কৰিছে ফিনলেণ্ড, ছিংগাপুৰ, নিউজিলেণ্ড৷ পঞ্চম স্থানত আছে লুক্সেমবার্গ, ন’ৰৱে আৰু ছুইজাৰলেণ্ড৷ অষ্টম আৰু নৱম স্থানত আছে ছুইডেন আৰু নেদাৰলেণ্ডছ৷ দশম স্থানত আছে অষ্ট্রেলিয়া, আইছলেণ্ড আৰু আয়াৰলেণ্ড৷