নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেলেষ্টাইনৰ ৱেষ্ট বেংকলৈও গৈছিল গৌৰৱ গগৈ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয় নিৰাপত্তাৰে জড়িত চাঞ্চল্যকৰ অভিযোগ উত্থাপনৰ মাজতে যোৰহাটৰ সাংসদ তথা লোকসভাত কংগ্রেছৰ উপ–দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ লোকসভাত যোৰহাট সংসদীয় সমষ্টিক প্রতিনিধিত্ব কৰা সাংসদ গগৈয়ে ভাৰতস্থিত পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে বৈঠকত মিলিত হোৱাই নহয়, বিশ্বৰ অতি স্পর্শকাতৰ স্থান ৰূপে পৰিচিত পেলেষ্টাইনৰ ৱেষ্ট বেংকৰ নাবালুছ, ৰামাল্লাহ, হেব্র’ন, জেনিন, নাজৰেথ, বেথেলহামৰ দৰে স্থানো ভ্রমণ কৰিছিল৷ য’ত পৃষ্ঠপোষকতা আগবঢ়াইছিল আমেৰিকাৰ এটা বেচৰকাৰী সংস্থা (এনজি’)ই৷ ছিংগাপুৰ ভ্রমণ সামৰি আজি গুৱাহাটীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে শেহতীয়াকৈ চৰকাৰৰ হাতত তথ্য আহিছে– ২০০৯ চনত সাংসদগৰাকীয়ে পেলেষ্টাইনৰো বিভিন্ন ঠাই ভ্রমণ কৰিছিল৷ ৰামাল্লাহ, বেথেলহাম যিবিলাক ঠাইৰ নাম আমি টিভিতহে শুনো৷ আমেৰিকাৰ এটা এনজিঅ’ই এই ভ্রমণটোত তেওঁক লৈ গৈছিল৷ আমেৰিকাৰ এই এনজিঅ’টো কোন? আৰু এটা তথ্য আহিছে– আমেৰিকাৰ জর্জ ছ’ৰছ, যিজন ভাৰতবিৰোধী ব্যক্তিয়ে সাংসদগৰাকীয়ে খোলা ফাণ্ড টু ফুড নামৰ সংস্থাটোলৈ এক কোটি টকা প্রত্যক্ষভাৱে দান কৰিছিল৷ বাকী কি আছিল কি নাই আমি নাজানো৷ তেওঁৰ দিশৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে৷ ই কিমান গভীৰলৈ যায় আমি ধৰিব নোৱাৰোঁ৷ কাৰণ ৰাষ্ট্রীয় নিৰাপত্তাৰ ক্ষেত্রত আপোচ কৰা নহয়৷ সেয়েহে ১৬ ফেব্রুৱাৰীত আমাৰ কেবিনেটত আমি এই বিষয়ে আলোচনা কৰিম৷ ২০১৫ চনত নতুন দিল্লীত ভাৰতস্থিত পাকিস্তানৰ উচ্চায়ুক্তৰ কার্যালয়ত সাংসদ গগৈয়ে তদানীন্তন পাকিস্তানী উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে বৈঠকত মিলিত হোৱা আৰু তেওঁৰ পত্নী এলিজাবেথ কলবার্নৰ ভাৰতীয় নাগৰিকত্বৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁৰ পত্নী ভাৰতীয় নাগৰিক হয় নে নহয়–পাকিস্তানৰ দূতাবাসলৈ কিয় গৈছিল–ডেকা ল’ৰা–ছোৱালীসকলক কিয় লৈ গৈছিল? সেই সময়ত সাধাৰণতে পাকিস্তানৰ দূতাবাসলৈ আমিতো কোনো নাযাওঁ৷ তাত ব্রেইন ৱাশ্বিঙৰ কাম চলে৷ তালৈ নিয়া ডেকা ল’ৰা–ছোৱালীবোৰৰ নামবিলাক কি? তেওঁলোকে এতিয়া কি কৰি আছে? কি সংস্থাত আছে? এনেধৰণৰ বিভিন্ন কথা–বতৰা জনাৰ প্রয়োজনীয়তা আছে৷ আমি কাকো অভিযোগ কৰা নাই৷ কেৱল তথ্যটো জানিব বিচাৰিছোঁ৷ মই তেওঁৰ টুইটবোৰ চাই আছোঁ৷ উত্তৰবিলাক সৰলকৈ নিদিয়ে৷ কওক যে হয়, মোৰ পত্নী ভাৰতীয় নাগৰিক৷ এটা বিতর্ক শেষ হৈ যায়৷ দ্বিতীয় বিতর্কটো শেষ হ’ব– বৈদেশিক পৰিক্রমা মন্ত্রীক জনাই গৈছিলোঁ বুলি ক’লে৷ এনেধৰণৰ বিতর্কবোৰ শেষ কৰিব লাগিব৷ কিন্তু আমিতো শেষ কৰিব নোৱাৰোঁ৷ তেওঁ এটা এটা সৰু টুইট কৰি দিলে লেথাবোৰ শেষ হৈ যায়৷ সাংসদ গগৈয়ে ‘মোৰ পত্নী যদি আইএছআইৰ এজেণ্ট, তেন্তে মই ৰ’ৰ এজেণ্ট’ বুলি কৰা মন্তব্যৰ বিষয়ে সাংবাদিকে উনুকিয়াই দিয়াত মুখ্যমন্ত্রী ড০ শর্মাই তীব্র প্রতিক্রিয়া ব্যক্ত কৰে৷ এই সন্দর্ভত তেওঁৰ ভাষ্য আছিল এনেধৰণৰ– আইএছআই আৰু ৰ এটা ঘৰত কেনেকৈ থাকিব? টুলুঙা মন্তব্যটোৰ আঁৰত বহু গুৰুত্বপূর্ণ কথা লুকাই আছে৷ সাংসদগৰাকীয়ে ভাবে আই এছ আই আৰু ৰ একেলগে এটা ঘৰত থাকিব পাৰে৷ কিন্তু আইএছআই মানে পাকিস্তান আৰু ৰ মানে ভাৰত৷ আমি একেলগে থাকিব পাৰোঁ নেকি? পিছে তেওঁৰ আদর্শত ‘মোৰ পত্নী যদি আইএছআই, মই ৰ’৷’ তেওঁৰ মতে, ভাৰত আৰু পাকিস্তান বন্ধু ৰাষ্ট্র৷ সেইটো হ’ব নোৱাৰে৷ আপুনি যদি ৰ হয়, আইএছআইৰ লগত কিয় একেলগে আছে– এই প্রশ্ণটো আমি ৰাজনীতিৰ পৰা ওপৰত চাব লাগে৷ কাৰণ ই ৰাষ্ট্রীয় নিৰাপত্তাজনিত প্রশ্ণ৷ বহুলভাৱে চর্চিত এই বিষয়টো বিধানসভাৰ মজিয়াত আলোচনা কৰিবলগীয়া নহয় বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ তেওঁ কয় যে ই হৈছে ৰাষ্ট্রীয় নিৰাপত্তাৰ বিষয়৷ যদি বিৰোধীৰ কোনো বিধায়কে উত্থাপন কৰে, তেন্তে চৰকাৰে উত্তৰ দিব লাগিব৷ কিন্তু চৰকাৰী পক্ষই ইয়াক লৈ বিধানসভাৰ সময় নষ্ট কৰিব খোজা নাই৷ সাংসদ গগৈৰ পত্নী এলিজাবেথ কলবার্নৰ নাগৰিকত্বৰ প্রসংগটো সাংবাদিকে উনুকিয়াই দিয়াত মুখ্যমন্ত্রী ড০ শর্মাৰ প্রতিক্রিয়া আছিল এনেধৰণৰ– ১২ বছৰ এটা সুদীর্ঘ সময়৷ তেওঁ কাৰ বোৱাৰী? অসমৰ তিনিবাৰৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ বোৱাৰী৷ সাধাৰণ পৰিয়ালৰ নহয়৷ গতিকে তৰুণ গগৈৰ প্রতি সন্মান জনাই এই কথাটো জনাব লাগে৷ যদি ভাৰতীয় নাগৰিকত্ব লৈছে তেন্তে কথাই নাই, এই বিতর্কৰ সামৰণি পৰিব৷ সাংসদ গগৈয়ে আজি স্পষ্টীকৰণ দিবলৈ গৈ সামাজিক মাধ্যমত কেইবাজনো বিশিষ্ট ব্যক্তিৰ ফটো সংলগ্ণ কৰা বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি ৱাছবীৰ হুছেইন, ননীগোপাল মহন্তক টানি আনিছে৷ যদি গৌৰৱ গগৈয়ে মিটিং পাতে কোন নাযাব? মোক মাতিলে ময়ো যাম৷ কিন্তু ইয়াৰ লগত পাকিস্তানৰ সম্পর্ক কি আছে? এওঁলোককতো আগতে কোৱা হোৱা নাই যে পাকিস্তানৰ উচ্চায়ুক্তৰ কার্যালয়লৈ গৈ আহিছোঁ, এতিয়া আপোনালোকো মিটিঙত আহক৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই এক গুৰুত্বপূর্ণ বিষয়ৰ অৱতাৰণা কৰে৷ তেওঁ কয় যে আন এটা গুৰুত্বপূর্ণ কথা হ’ল– যদি কোনো ভাৰতীয় মন্ত্রী বা সাংসদ পাকিস্তানৰ দূতাবাসলৈ যায়, তেতিয়া তাত দুখন পতাকা থাকে৷ এখন ভাৰতৰ, আনখন পাকিস্তানৰ৷ সেয়া কূটনৈতিক প্র’টকল৷ কিন্তু আমি এখন পতাকাহে দেখা পাইছোঁ৷ যদি এয়া ৰাজনৈতিক বিষয় হ’লহেঁতেন আমি ইমান কথা নাপাতিলোঁহেঁতেন৷ কিন্তু এয়া ৰাষ্ট্রীয় নিৰাপত্তাজনিত গুৰুত্বপূর্ণ বিষয়৷ সেইকাৰণে আমি কিছুমান কথা জানিব লাগে৷ ইফালে, আজি সামাজিক মাধ্যমযোগে বিষয়টো সন্দর্ভত অপ্রাসংগিক কথাৰ অৱতাৰণাৰে স্পষ্টীকৰণ দাঙি ধৰাৰ পাছতে সাংসদ গগৈক উভতি ধৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ সামাজিক মাধ্যমত তেওঁৰ মন্তব্য– সাংসদগৰাকীয়ে সন্মানীয় ব্যক্তিসকলৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বুজাইছে যে তেওঁলোককো তেওঁৰ সভালৈ আমন্ত্রণ জনোৱা হৈছিল৷ কিন্তু তেওঁৰ পাকিস্তানী উচ্চায়ুক্তৰ সৈতে হোৱা বৈঠক আৰু তাৰ পাছত কৰা সংসদীয় প্রশ্ণসমূহৰ সৈতে একাকাৰ কৰিব নোৱাৰি৷ আমি কৰা সহজ অথচ গুৰুতৰ প্রশ্ণসমূহৰ উত্তৰ দিয়াৰ পৰা তেওঁ বিৰত আছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ প্রশ্ণ– পাকিস্তানী উচ্চায়ুক্তৰ সৈতে হোৱা বৈঠক ভাৰত চৰকাৰৰ সন্মতিসাপেক্ষে হৈছিল নেকি? সাংসদগৰাকীয়ে বৈঠকৰ অন্তত গৃহ মন্ত্রালয় আৰু বৈদেশিক পৰিক্রমা মন্ত্রালয়ক ইয়াৰ বর্ণনা দিছিল নেকি? বুদ্ধিজীৱী–বিশিষ্ট নাগৰিকৰ ফটো শ্বেয়াৰ কৰি তেওঁ ৰাজহুৱা জবাবদিহিতাক অন্য দিশলৈ ঠেলিবলৈ কৰা অপচেষ্টাই মূল বিষয়টোক সলনি নকৰে বুলিও মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে পাকিস্তানী উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে হোৱা বৈঠকৰ পাছত সাংসদগৰাকীয়ে সংসদৰ মজিয়াত এনে কিছুমান উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল, যিবোৰ প্রশ্ণত ভাৰতৰ পাৰমাণৱিক খণ্ডৰ সৈতে জড়িত গোপনীয় তথ্য ওলাই পৰাৰ পূর্ণ সম্ভাৱনা লুকাই আছিল৷ এই প্রশ্ণসমূহৰ সংবেদনশীল প্রকৃতিৰ লগতে প্রশ্ণ সোধা সময়খিনিও বিশেষভাৱে লক্ষ্য কৰিবলগীয়া৷ স্বাভাৱিকতেই এনে প্রশ্ণসমূহৰ গোপন উদ্দেশ্য আৰু বিস্তৃত প্রভাৱৰ বিষয়টোৱে গুৰুতৰ চিন্তাৰ উদ্রেক কৰিছে৷ আমোদজনক কথাটো হ’ল ভাৰতে আব্দুল বাছিতৰ আচৰণৰ প্রতি কঠোৰ দৃষ্টিভংগী ল’বলৈ আৰম্ভ কৰাৰ পাছত প্রতিৰক্ষা আৰু পাৰমাণৱিক বিষয়ৰ প্রতি সাংসদগৰাকীৰ আগ্রহ লক্ষণীয়ভাৱে হ্রাস পালে৷ গতিকে এই বিষয়বোৰো গুৰুত্বসহকাৰে বিবেচনা কৰাৰ প্রয়োজন আছে৷

You might also like