নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলিজাবেথৰ ঘনিষ্ঠ আলী তৌকিৰৰ বিৰুদ্ধে গোচৰ

🔹 গৌৰৱ গগৈৰ পত্নীৰে পাকিস্তানৰ সম্পর্কক লৈ কেবিনেটৰ কি সিদ্ধান্ত

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্রুৱাৰী : লোকসভাৰ কংগ্রেছ দলৰ উপ–দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ পাকিস্তান আৰু আইএছআইৰে সম্পর্কৰ বিষয়টোক লৈ কালি অসম চৰকাৰৰ কেবিনেট বৈঠকত বিস্তৃতভাৱে আলোচনা হয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেটে সমগ্র বিষয়টো বিস্তৃতভাৱে আলোচনা কৰি এলিজাবেথৰ ঘনিষ্ঠ পাক চৰকাৰৰ প্রভাৱশালী আলী তৌকিৰ শ্বেখে অসমক অস্থিৰ কৰাৰ বাবে চলোৱা ষড়যন্ত্রৰ বিৰুদ্ধে আৰক্ষী সঞ্চালকপ্রধানক গোচৰ ৰুজু কৰাৰ নির্দেশ দিয়াৰ লগতে এলিজাবেথ কলবার্ন গগৈৰ উপৰি সাংসদ গৌৰৱ গগৈকো তদন্তৰ আওতালৈ অনাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সন্দর্ভত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কেবিনেটে এই বিষয়ক লৈ গ্রহণ কৰা প্রস্তাৱ আৰু সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে বিগত কেইদিনমানত পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ পূর্বে সামাজিক মাধ্যমত প্রকাশ পোৱা অসমৰ সাম্প্রদায়িক সম্প্রীতি বিঘ্ণিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পর্কত একাধিক বাতৰি পোহৰলৈ আহিছে৷ তদুপৰি আলী তৌকিৰ শ্বেখৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়তে বিভিন্ন মন্তব্য আগবঢ়াই আহিছে৷ উল্লিখিত ব্যক্তিজনে ভাৰতৰ স্বার্থ বিঘ্ণিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে৷ ৰাজহুৱা ড’মেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় সেই আলী শ্বেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতপ্রোতভাৱে জড়িত এগৰাকী প্রভাৱশালী ব্যক্তি৷ আনকি তেওঁ আন্তঃৰাষ্ট্রীয় মঞ্চতো বিভিন্ন ক্ষেত্রত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্রতিনিধিত্ব কৰিছে৷ ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হয়৷ উল্লেখ যে আলী শ্বেখ পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামর্শদাতা পদত আৰু পাকিস্তানৰ প্রধানমন্ত্রীয়ে গঠন কৰা কমিটী আদিত সেৱা আগবঢ়াইছে৷ এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা চেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শ্বেখে হস্তক্ষেপ কৰাৰ বাবে চলোৱা চেষ্টাক অসম চৰকাৰে গুৰুত্বসহকাৰে লৈছে৷ তেওঁৰ সামাজিক মাধ্যমৰ কার্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শ্বেখ ব্রিটিছ নাগৰিক আৰু অসমৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ সংস্পর্শলৈ আহিছিল৷ পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শ্বেখ হৈছে জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত কাম কৰা অলাভজনক সংস্থা লীড পাকিস্তানৰ প্রতিষ্ঠাতা৷ বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ত লীড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্রিটিছ নাগৰিক এলিজাবেথ গগৈ৷ তদুপৰি আলী শ্বেখ আৰু ব্রিটিছ নাগৰিক এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা চিডিকেএন নামৰ এটা পৰিৱেশ সম্পর্কীয় গোটৰ অংশ৷ কালিৰ অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্রমা সম্পর্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকল সন্দর্ভত নিজৰ উদ্বিগ্ণতা প্রকাশ কৰিছে আৰু তেওঁলোকৰ প্রকৃত উদ্দেশ্য সম্পর্কে উদয় হোৱা প্রশ্ণ অতি গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ এই বিষয়টোৱে ৰাষ্ট্রীয় নিৰাপত্তাৰ ক্ষেত্রত পেলাব পৰা নেতিবাচক প্রভাৱৰ প্রতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালকপ্রধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্রাসংগিক আইনৰ অধীনত আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নির্দেশনা প্রদান কৰিছে৷ তদুপৰি এই কার্যকলাপসমূহ কোনো বৃহত্তৰ ষড়যন্ত্রৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শ্বেখৰ ভাৰতবিৰোধী এজেণ্ডাক অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷ তদন্তৰ দিশসমূহ হ’ল– অসমৰ লগতে ভাৰতত আলী শ্বেখৰ নেটৱর্কৰ গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শ্বেখৰ কার্যত সহায়–সহযোগিতা কৰা ব্যক্তি, সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা৷ উল্লিখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্রাসংগিক সহায় আৰু তথ্য সংগ্রহ কৰা৷ ভাৰতৰ নিৰাপত্তা আৰু সার্বভৌমত্বৰ স্বার্থত এই বিষয়টো অতি গুৰুত্বপূর্ণ হিচাপে বিবেচনা কৰা হ’ব বুলি অসম কেবিনেটে প্রকাশ কৰিছে৷ অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূর্বৰে পৰা আইএছআইৰ পৃষ্ঠপোষকতাত চলি থকা দেশবিৰোধী কার্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু এইবাবে এইক্ষেত্রত অধিক সতর্কতা আৰু নির্ণায়ক ভূমিকাৰ প্রয়োজন৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই আৰক্ষীৰ এই তদন্তৰ সময়ছোৱাত অসমৰ সাংসদৰ পত্নী হিচাপে যদিও ব্রিটিছ নাগৰিক তথাপি এলিজাবেথ কলবার্ন গগৈক সহযোগ কৰিবলৈ আহ্বান জনাই তেওঁৰ পাছপ’ৰ্ট, ভিছা, ভ্রমণৰ তথ্য আদি শ্বেয়াৰ কৰিবলৈ কয়৷ সেইদৰে গৌৰৱ গগৈকো এইক্ষেত্রত প্রত্যক্ষ বা পৰোক্ষভাৱে কিবা যোগসূত্র আছে নেকি সেই সংক্রান্তত আৰক্ষীয়ে যদি বিচাৰে, তেওঁকো সহযোগিতা কৰাৰ আহ্বান জনায়৷ এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈয়ে এই তদন্তৰ ক্ষেত্রত স্বেচ্ছাই আৰক্ষীক সহযোগ নকৰিলে আৰক্ষীয়ে চমন দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আৰক্ষী সঞ্চালকপ্রধানে এই তদন্ত এছআইটি গঠন কৰি কৰে নে নিজে কৰে, নে তেওঁ তদন্ত কৰি বিষয়টো এনআইএলৈ দিয়ে, নে চিবিআইলৈ দিয়ে সেয়া আৰক্ষী সঞ্চালকপ্রধানৰ কথা৷ গৌৰৱ গগৈৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ সাংসদ এজনক ২৬/১১ৰ মুম্বাই আক্রমণত জড়িত কাছভ অহা পথটোত কিমান ৰাডাৰ লগোৱা আছে, মেঘালয়ত কিমান ইউৰেনিয়াম আছে সেয়া জনাৰ প্রয়োজন কি বুলিও প্রশ্ণ কৰে৷ সেইদৰে এলিজাবেথ কলবার্ন গগৈয়ে ব্রিটিছ নাগৰিক হিচাপে কেনেকৈ অসমত দুটাকৈ লোকসভা নির্বাচনৰ প্রচাৰ অভিযানত জড়িত হৈছিল, সেই সম্পর্কতো প্রশ্ণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এয়া দেখ দেখকৈ ভিছাৰ নীতি উলংঘা কৰিছে৷ এই সম্পর্কত অসম চৰকাৰে সুকীয়াকৈ ভাৰত চৰকাৰক অৱগত কৰিব৷ প্রয়োজনত এলিজাবেথ কলবার্ন গগৈৰ ভিছা বাতিলৰ বাবেও ভাৰত চৰকাৰক আবেদন জনাব৷ ইপিনে, কেবিনেট বৈঠকৰ পূর্বে কালি দিনৰ ভাগত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমগ্র ঘটনাত গৌৰৱ গগৈ অভিনেতাহে৷ তেওঁ সঞ্চালক নহয়৷ ক’ৰবাত তেওঁ ফচিও যাব পাৰে৷ চৰকাৰে গোটেই বিষয়টো গৌৰৱ গগৈক সহানুভূতিসহকাৰে লৈ বিচাৰ কৰিব৷ হয়তো গৌৰৱ গগৈ ব্লেকমেইলিঙো হৈ থাকিব পাৰে৷ কাৰণ ইয়াৰ সৈতে লণ্ডন, আমেৰিকা, ইছলামাবাদ জড়িত হৈ আছে৷ বিষয়টোক লৈ গভীৰ অনুসন্ধানৰ প্রয়োজন আছে৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভাপতি মল্লিকার্জুন খার্গেকো সকলো তথ্য লিখিতভাৱে অৱগত কৰোৱা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷

You might also like