🔹 সৰিয়হৰ পৰাই ২৫ কোটিৰো অধিক টকা আহৰণৰ সম্ভাৱনা
পুলকজ্যোতি বৰা, ঢকুৱাখনা, ১৭ ফেব্ৰুৱৰী : এতিয়া সৰিয়হ চপোৱাৰ সময়। সৰিয়হ চপোৱাত ব্যস্ত ঢকুৱাখনাৰ কৃষক ৰাইজ। হাজাৰ হাজাৰ বিঘা ভূমিত সৰিয়হৰ খেতি ঢকুৱাখনাৰ কৃষকৰ। পৰিয়ালৰ পুৰুষ-মহিলা সকলোৱে উবুৰি খাই পৰিছে পথাৰত। বিগত বৰ্ষৰ তুলনাত এইবাৰ ঢকুৱাখনাত দুগুণ বৃদ্ধি পাইছে সৰিয়হৰ উৎপাদন। সৰিয়হৰ প্ৰচুৰ উৎপাদনে কঢ়িয়াই আনিছে কৃষকৰ মুখলৈ হাঁহিৰ ৰেঙণি। ঢকুৱাখনাত এতিয়া সীমাহীন ব্যস্ততা কৃষক ৰাইজৰ। অতি কষ্টেৰে কৰা সৰিয়হ খেতি চপোৱাত উঠি-পৰি লাগিছে ঢকুৱাখনা সম-জিলাৰ তিনিটাকৈ কৃষি চক্ৰ ঢকুৱাখনা, ঘিলামৰা আৰু সোণাৰি চাপৰিৰ শ শ কৃষক। কৃষিসৰ্বস্ব ঢকুৱাখনা সম-জিলাৰ শ শ কৃষকে হাজাৰ হাজাৰ বিঘা ভূমিত কৰিছিল সৰিয়হৰ খেতি। কৃষি বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, চলিত বৰ্ষত ঢকুৱাখনাৰ মুঠ ১৬,৫৬০ হেক্টৰ ভূমিত কৃষকে কৰিছিল সৰিয়হ খেতি। ইয়াৰে ঢকুৱাখনা কৃষি চক্ৰৰ অধীনৰ ৯,৩১১ হেক্টৰ ভূমিত সৰিয়হৰ খেতিৰ বিপৰীতে ঘিলামৰা কৃষি চক্ৰত ৩১৫০ হেক্টৰ আৰু সোণাৰি চাপৰি কৃষি চক্ৰৰ অধীনৰ ৪০৯৯ হেক্টৰ ভূমিত কৃষকে কৰিছিল সৰিয়হৰ খেতি। চৰকাৰী সাহায্য অবিহনেই ঢকুৱাখনাৰ অধিকাংশ কৃষকে সৰিয়হ খেতিৰে জীৱন-জীৱিকাৰ পথ মোকলাই আহিছে। ঢকুৱাখনা সম-জিলাৰ অধিকাংশ কৃষকৰে প্ৰধান খেতি হিচাপে বিবেচিত হৈ আহিছে সৰিয়হৰ খেতি। জলসিঞ্চনৰ সুবিধা নথকা ঢকুৱাখনাৰ কৃষকসকলে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰি সৰিয়হ খেতি কৰি স্ব-নিয়োজনৰ পথ মুকলি কৰিছে ৷ সৰিয়হ খেতিৰ লগত জড়িত হৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জীয়াই থকাৰ সম্বল লাভ কৰিছে শ শ পৰিয়ালে। ঢকুৱাখনাৰ বিস্তীৰ্ণ কৃষিভূমিত এতিয়া দেখিবলৈ পোৱা গৈছে কৃষকৰ অতি ব্যস্ততাপূৰ্ণ প্ৰতিচ্ছবিৰ লগতে গ্ৰামাঞ্চলৰ চিৰপৰিচিত এক মনোমোহা পৰিৱেশ৷ কপালৰ ঘাম মাটিত পেলাই কৰি থোৱা খেতিডৰা চপোৱাত ব্যস্ত হৈ পৰিছে সকলো । পুৰুষ-মহিলা-জীয়ৰী সকলোৱে সৰিয়হ চপোৱাৰ নান্দনিক দৃশ্য এবাৰলৈ থৰ লাগি চাবলৈ বাধ্য হৈ পৰিছে বাটৰুৱা। পুৱাৰ পৰা গধূলিলৈকে পুৰুষ-মহিলা ব্যস্ত হৈ পৰিছে পথাৰত। কোনোবাই যদি সৰিয়হ চপাইছে, আন কোনোবাই ট্ৰেক্টৰ আৰু গৰুৰে সৰিয়হৰ মৰণা মাৰিছে পথাৰত ৷ সৰিয়হ খেতিৰ দ্বাৰা সেউজ বিপ্লৱৰ সূচনা কৰা ঢকুৱাখনাৰ একো একোগৰাকী উপান্ত কৃষকে ১০-৭০০ কুইণ্টল পৰ্যন্ত সৰিয়হ উৎপাদন কৰিবলৈ সক্ষম হৈছে। চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ সাহায্য অবিহনে গাঁঠিৰ ধন ব্যয় কৰি বৰ্দ্ধিত মূল্যত ডিজেল, সাৰ, কীটনাশক ঔষধ ক্ৰয় কৰি হ’লেও সৰিয়হ খেতি কৰি যথেষ্ট লাভৱান্বিত হ’বলৈ সক্ষম হৈছে। গড় হিচাপে প্ৰতি বিঘা ভূমিত তিনি কুইণ্টলকৈ সৰিয়হ উৎপাদন হ’লেও প্ৰতি কুইণ্টল সৰিয়হত ৪৫০০ টকাকৈ বছৰটোত ঢকুৱাখনাই সৰিয়হৰ পৰাই ২৫ কোটিৰো অধিক টকা আহৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে। শেহতীয়াভাৱে যুৱ শক্তিৰ অংশগ্রহণে ঢকুৱাখনাৰ কৃষিখণ্ডত এক ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিছে। আনহাতে, কৃষকসকলৰ অভিযোগ- ঢকুৱাখনাৰ প্ৰতিটো অঞ্চলত প্ৰতিবছৰে হাজাৰ হাজাৰ কুইন্টল সৰিয়হ উৎপাদন হৈ আহিছে যদিও এইক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে আজিপৰ্যন্ত সুদৃষ্টি দিয়া নাই ৷ শ শ কৃষক পৰিয়ালে ট্ৰেক্টৰ তথা আওপুৰণি পদ্ধতিৰে সৰিয়হ উৎপাদন কৰি আহিছে ৷ যাৰ বাবে বিভিন্ন সময়ত বহু আহুকালৰ সন্মুখীন হ’বলগীয়া হয় কৃষকসকল ৷ সেয়ে আধুনিক বৈজ্ঞানিক পদ্ধতিৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে । ঠিক একেদৰে বানপানী হোৱা ঠাইত বিকল্প কৃষি হিচাপে লৈ সৰিয়হ খেতিক কেন্দ্ৰ কৰি সম্ভাৱনাপূৰ্ণ উদ্যোগ প্ৰতিষ্ঠা কৰি চৰকাৰক এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনায় কৃষকসকলে ৷