আফ্রিকান চলচ্চিত্রৰ কিংবদন্তি ছুলেইমানে চিছেৰ জীৱনাৱসান
🔹 গোটেই জীৱন চলচ্চিত্র-শিল্পৰ বাবে উছৰ্গা চিছেৰ
নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : আফ্রিকান চলচ্চিত্রৰ এগৰাকী অন্যতম বাটকটীয়া পৰিচালক ছুলেইমানে চিছেৰ দেহাৱসান ঘটিছে৷ মালিৰ এই চলচ্চিত্রকাৰগৰাকী বয়স হৈছিল ৮৪ বছৰ৷ চিছেৰ দুহিতা মৰিয়মে সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ মালিৰ ৰাজধানী বামাকোৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চিছেই৷ উল্লেখনীয় যে গোটেই জীৱন চলচ্চিত্র আৰু শিল্পৰ বাবে উৎসর্গা কৰিছিল চিছেই৷ ১৯৮৭ চনত ‘য়ীলেন’ (পোহৰ) নামৰ ছবিখনেৰে প্রথম আন্তর্জাতিক স্বীকৃতি লাভ কৰিছিল চিছেই৷ ছবিখনে ‘কাঁ’ চলচ্চিত্র মহোৎসৱত জুৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে ‘কাঁ’ চলচ্চিত্র মহোৎসৱত প্রথম বঁটা লাভ কৰা আফ্রিকান চলচ্চিত্রকাৰ আছিল চিছে৷ ইয়াৰ পিছতে বহু আন্তর্জাতিক ছবি মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল চিছেই৷