ঝুমইৰ বিনন্দীয়া : আজিৰে পৰা গুৱাহাটীত আৰম্ভ আখৰা
📌 গুৱাহাটীবাসীক ২৩ ফেব্রুৱাৰীৰ সন্ধিয়া সম্পূর্ণ সাজত হ’বলগীয়া ৰিহার্ছেল চোৱাৰ আহ্বান
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ অহা ২৪ ফেব্রুৱাৰীৰ সন্ধিয়া গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব ঝুমুইৰ নৃত্যক বিশ্ব দৰবাৰত জনপ্রিয় কৰাৰ বাবে ঝুমইৰ বিনন্দীয়া অনুষ্ঠান৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, বিভিন্ন দেশৰ ৰাষ্ট্রদূতকে ধৰি বিনিয়োগকাৰীৰ উপস্থিতিত প্রদর্শিত হ’ব এই ঝুমইৰ বিনন্দীয়া অনুষ্ঠান৷ এই অনুষ্ঠানত অংশগ্রহণ কৰিবলগীয়া চাহ জনগোষ্ঠীৰ যুৱক–যুৱতীসকলে বিভিন্ন জিলাৰ পৰা গুৱাহাটী আহি পাইছে৷ দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত সংবাদ মেলত এই সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে আজিৰে পৰা গুৱাহাটীত ঝুমইৰ বিনন্দীয়াৰ ৰিহার্ছেল আৰম্ভ হ’ব৷ ২৪ ফেব্রুৱাৰীত প্রদর্শনৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপৰি বৈদেশিক পৰিক্রমা মন্ত্রী ড০ এছ জয়শংকৰৰ নেতৃত্বত আহিবলগীয়া ৫০ ৰাষ্ট্রদূতৰ প্রতিনিধি দল, বিভিন্ন বিনিয়োগকাৰী–উদ্যোগপ্ উপভোগ কৰিব৷ ২৪ ফেব্রুৱাৰীৰ অনুষ্ঠান চাবৰ বাবে মাত্র ৫/৬ হাজাৰ লোককহে চৰকাৰে পাছ দিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, সাংস্কৃতিক সঞ্চালকালয় আৰু সৰুসজাই ক্রীড়া প্রকল্পত পাছ দিয়া আৰম্ভ কৰা হৈছে৷ ২৪ ফেব্রুৱাৰীৰ অনুষ্ঠান যিহেতু সীমিতসংখ্যক লোকেহে চোৱাৰ বাবে পাছ লাভ কৰিব সেয়ে মুখ্যমন্ত্রী ড০ শর্মাই ২৩ ফেব্রুৱাৰীৰ সন্ধিয়া সম্পূর্ণ সাজত হ’বলগীয়া নৃত্য পৰিৱেশন চাবলৈ গুৱাহাটীবাসীক আহ্বান জনায়৷ সেইদিনা সম্পূর্ণ সাজত হ’বলগীয়া নৃত্য পৰিৱেশন চোৱাৰ বাবে কোনো পাছৰো প্রয়োজন নাই৷ আনহাতে এডভাণ্টেজ আছাম ২.০ৰ প্রদর্শনীখন সাধাৰণ লোকৰ বাবে ২৭ ফেব্রুৱাৰীৰ পৰা ১ মার্চলৈ খোলা থাকিব বুলি উল্লেখ কৰে৷