নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিৱেশীৰ কুকুৰাৰ ডাকত বিৰক্ত বৃদ্ধ : অভিযোগ দাখিল

🔹 কুকুৰা ৰখা স্থান পৰিৱর্তনৰ নির্দেশ দিলে ৰাজহ বিষয়াই

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : প্রতিদিনে পুৱা ৩ বজাত প্রতিৱেশীৰ ঘৰৰ পৰা চিঞৰে কুকুৰা চৰায়ে৷ ইয়াক লৈ বিৰক্ত হৈ পৰিছিল এগৰাকী বৃদ্ধ৷ কুকুৰাৰ ডাক বৃদ্ধৰ বাবে দুঃস্বপ্ণ হৈ পৰিছিল৷ পৰিস্থিতি এনে পর্যায় পায় যে শেষত প্রশাসনৰ ওচৰত অভিযোগ দাখিল কৰে বৃদ্ধগৰাকীয়ে৷ গুৰুত্বসহকাৰে সেই অভিযোগ বিবেচনাও কৰা হৈছে৷ লোৱা হৈছে প্রয়োজনীয় ব্যৱস্থা৷ ঘটনাটো কেৰালাৰ পাল্লিকাল গাঁৱৰ৷ গাঁওখনৰ বাসিন্দা ৰাধাকৃষ্ণ কুৰুপৰ ঘৰৰ কাষতে থাকে অনিল কুমাৰ৷ অনিল কুমাৰে ঘৰত কুকুৰা চৰাই পুহিছে৷ ঘটনাক্রমে সেই কুকুৰাৰ ঘৰ ৰখা হৈছে ৰাধাকৃষ্ণৰ শোৱনি কোঠাৰ সন্মুখতে৷ প্রতিদিনে পুৱা ৩ বজাত নিজৰ নিয়ম অনুসৰি ডাক দিয়ে কুকুৰা চৰায়ে৷ এই কুকুৰাৰ ডাক শুনাৰ পিছতে বৃদ্ধ ৰাধাকৃষ্ণৰ নিদ্রা ভংগ হয়৷ দিনৰ পিছত দিন ধৰি এই ঘটনাত বিৰক্ত হৈ পৰে ৰাধাকৃষ্ণ৷ ইফালে, কুকুৰাৰ ডাকৰ বাবে নিদ্রা কম হোৱাৰ ফলত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল ৰাধাকৃষ্ণৰ৷ গতিকে কুকুৰাৰ এই ডাকৰ পৰা ৰক্ষা পাবলৈ নির্দিষ্ট স্থানত অভিযোগ দাখিল কৰে বৃদ্ধ ৰাধাকৃষ্ণই৷ এই অভিযোগ অতি গুৰুত্বসহকাৰে লয় ৰাজহ বিভাগৰ বিষয়াই৷ তাৎক্ষণিকভাৱে অনিল কুমাৰক কুকুৰা ৰখাৰ স্থান পৰিৱর্তনৰ নির্দেশ দিয়ে বিষয়াগৰাকীয়ে৷ এইক্ষেত্রত ১৪ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে অনিল কুমাৰক৷

You might also like