নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি কেজি ছাগলীৰ মাংস ৭০০ টকাকৈ বিক্রী

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ কামৰূপ (ম) জিলা প্রশাসন আৰু গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দুর্বলতাৰ সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত একাংশ মাংস ব্যৱসায়ীয়ে নীতি–নির্দেশনা উলংঘাৰে খেয়াল–খুচি মতে চৰা দামত ছাগলীৰ মাংস বিক্রী কৰি অহা পৰিলক্ষিত হৈছে৷ পৌৰ নিগমৰ নীতি–নির্দেশনা উলংঘাৰে অসাধু ব্যৱসায়ীয়ে প্রতি কেজি ছাগলীৰ মাংস ৭০০ টকাত বিক্রী কৰি আহিছে৷ মহানগৰীৰ উজান বজাৰ, শিলপুখুৰী, চানমাৰি, বামুণীমৈদাম, গণেশগুৰি, নুনমাটি, নাৰেংগী, জালুকবাৰী, মালিগাঁও, লখৰা, বশিষ্ঠ, বেলতলা, খানাপাৰা আদি স্থানত একাংশ অসাধু ব্যৱসায়ীয়ে নিজৰ খেয়াল–খুচি মতে ছাগলীৰ মাংস প্রতি কেজিত ৭০০ টকাকৈ বিক্রী কৰি আহিছে৷ কেইদিনমান পূর্বে ভৰলুমুখৰ ছাগলীৰ বজাৰখন অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ দোহাই দি একাংশ অসাধু ব্যৱসায়ীয়ে ছাগলীৰ মাংসৰ দাম বৃদ্ধি কৰিছে৷ গুৱাহাটী মহানগৰীত ছাগলীৰ মাংসৰ দাম বৃদ্ধি কৰা এই অসাধু ব্যৱসায়ীসকলৰ সৰহসংখ্যকেই পৌৰ নিগমৰ নীতি–নির্দেশনা উলংঘা কৰি অস্বাস্থ্যকৰ পৰিৱেশত মাংস বিক্রী কৰি আহিছে৷ ইফালে, বৃহত্তৰ গুৱাহাটী মীট কুৰেশ্বী এছ’চিয়েচনৰ সম্পাদক মকবুল আহমেদে জানিবলৈ দিয়া মতে এছ’চিয়েচনৰ অন্তর্গত সকলো ব্যৱসায়ীয়ে প্রতি কেজিত ৬৫০ টকা দৰত ছাগলীৰ মাংস বিক্রী কৰি আহিছে৷ এছ’চিয়েচনৰ অন্তর্গত কোনো ব্যৱসায়ীয়ে ৭০০ টকা দৰত ছাগলীৰ মাংস বিক্রী কৰা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ যিসকলে প্রতিকেজিত ৭০০ টকা দৰত ছাগলীৰ মাংস বিক্রী কৰিছে, সেইসকল অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জি এম চি কর্তৃপক্ষক ব্যৱস্থা গ্রহণৰো দাবী উত্থাপন কৰিছে মীট কুৰেশ্বী এছ’চিয়েচনে৷

You might also like