১১–১২ মার্চত প্রধানমন্ত্রী মোদীৰ মৰিছাছ ভ্রমণ
🔹 ৰাষ্ট্রীয় দিৱসত সন্মানীয় অতিথি
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : মৰিছাছৰ ৰাষ্ট্রীয় দিৱসলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সন্মানীয় অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে৷ দেশখনৰ এই ৰাষ্ট্রীয় দিৱসত প্রধানমন্ত্রীগৰাকী উপস্থিত থাকিব৷ স্মর্তব্য যে প্রতিবছৰে ১২ মার্চত মৰিছাছে পালন কৰে ৰাষ্ট্রীয় দিৱস৷ ১৯৬৮ চনত ব্রিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল মৰিছাছে৷ মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগুলমে এই কথা ঘোষণা কৰিছে৷ দেশখনৰ ৫৭সংখ্যক ৰাষ্ট্রীয় দিৱসত প্রধানমন্ত্রী মোদী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বুলি ৰামগুলমে স্পষ্ট কৰি দিছে৷ আগন্তুক ১১ মার্চত মৰিছাছত উপস্থিত হ’ব মোদী৷ উল্লেখ্য যে দেশখনৰ ৰাষ্ট্রীয় দিৱসত অংশগ্রহণৰ বাবে দুদিনীয়া ভ্রমণসূচী ৰখা হৈছে মোদীৰ বাবে৷ বিভিন্ন আন্তর্জাতিক সূচীৰ মাজতো প্রধানমন্ত্রী নৰেন্দ্র মোদীক মৰিছাছৰ ৰাষ্ট্রীয় দিৱসত সন্মানীয় অতিথি হিচাপে পোৱাটো গুৰুত্বপূর্ণ কথা বুলি উল্লেখ কৰে ৰামগুলমে৷ দেশখনৰ সংসদত ৰামগুলমে এই কথা ঘোষণা কৰিছে৷ লক্ষণীয় বিষয়টো যে মোদীৰ এই ভ্রমণসূচীত ভাৰত–মৰিছাছৰ সম্পর্ক অধিক সুদৃঢ় কৰাৰ বাবে বিভিন্ন কার্যসূচীৰ ব্যৱস্থা কৰা হৈছে বুলিও ৰামগুলমে উল্লেখ কৰিছে৷ অৱশ্যে তাৎক্ষণিকভাৱে ভাৰতৰ বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা এই বিষয়টো সন্দর্ভত কোনো বিবৃতি প্রকাশ কৰা হোৱা নাই৷ উল্লেখনীয় যে মাত্র কেইদিনমান পূর্বে আমেৰিকা আৰু ফ্রান্স ভ্রমণ কৰি ভাৰতলৈ উভতিছে মোদী৷ বিভিন্ন আন্তর্জাতিক কার্যসূচী সত্ত্বেও মৰিছাছে প্রধানমন্ত্রী মোদীক দেশখনৰ ৰাষ্ট্রীয় দিৱসত সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ বাবে আমন্ত্রণ জনাইছিল৷ এই আমন্ত্রণ মোদীয়ে ৰক্ষা কৰাৰ ক্ষেত্রত সন্মতি প্রকাশ কৰিছে বুলি ৰামগুলমে ঘোষণা কৰিছিল৷