নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত আজি ভাৰত–পাকিস্তানৰ হাইভল্টেজ মেচ

🔹 চেম্পিয়নছ ট্রফী : পৰাজয় মানেই কার্যতঃ বিদায় আয়োজক দেশৰ

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্ত৷ বিশ্ববাসীয়ে অধীৰ আগ্রহেৰে বাট চাই থকা চেম্পিয়নছ ট্রফীৰ বহু প্রতীক্ষিত ভাৰত–পাকিস্তানৰ হাইভল্টেজ মেচখন আজি ডুবাইৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ এই মেচখনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নানা জল্পনা–কল্পনা৷ একাংশ বিশেষজ্ঞই টীম ইণ্ডিয়াক ফেভাৰেট বুলি আখ্যা দিছে যদিও আন একাংশই পাকিস্তানক ফেভাৰেট বুলি মন্তব্য কৰিছে৷ অৱশ্যে মেচখনক লৈ দুয়োটা দলে চাপত থকাটো নিশ্চিত৷ প্রতিযোগিতাখনৰ প্রথমখন মেচত বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত আছে ভাৰতীয় দলটোৰ৷ আজি পাকিস্তানক পৰাস্ত কৰিব পাৰিলে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটো ‘এ’ গ্রুপৰ পৰা ছেমিফাইনেলত প্রৱেশ কৰাটো নিশ্চিত হৈ পৰিব৷ ইফালে, গ্রুপৰ প্রথমখন মেচত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈ প্রতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ শংকাত ভুগিছে আয়োজক পাকিস্তান৷ আজি ভাৰতৰ হাতত পৰাস্ত হ’লে পাক বাহিনীয়ে কার্যতঃ প্রতিযোগিতাখনৰ পৰা বিদায় লোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিব৷ আজিৰ এই গুৰুত্বপূর্ণ মেচখনৰ পূর্বে তাৰকা বেটাৰ বিৰাট কোহলিৰ ফর্মক লৈ কিছু পৰিমাণে চিন্তিত হৈ পৰিছে ভাৰতীয় দলটো৷ অৱশ্যে বাংলাদেশৰ বিপক্ষে বিশেষ ৰান কৰিব নোৱাৰিলেও তাৰকা বেটাৰ কোহলিয়ে পাকিস্তানৰ বিপক্ষে নিজৰ ছন্দ ওভতাই পাব বুলি আত্মবিশ্বাসী ভাৰতীয় দলটো৷ কাৰণ পাকিস্তানৰ বিপক্ষে কোহলিয়ে সদায়ে ভাল খেলি আহিছে৷ বাংলাদেশৰ বিপক্ষে খেলা মেচখনত দলটোৰ সতীর্থসকলৰ প্রদর্শনত সন্তুষ্টি ব্যক্ত কৰি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে পাকিস্তানৰ বিপক্ষে খেলাটো সদায়ে এক অতিৰিক্ত চাপ৷ গ্রুপৰ প্রথমখন মেচত সতীর্থসকলে সুন্দৰ প্রদর্শন দাঙি ধৰিছে৷ আশা ৰাখিছোঁ- এই হাইভল্টেজ মেচখনতো সতীর্থসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব৷ বিৰাট কোহলি সন্দর্ভত অধিনায়কগৰাকীয়ে কয় যে শেহতীয়াভাৱে দুর্বল ফর্ম দাঙি ধৰা বেটাৰগৰাকীয়ে গুৰুত্বপূর্ণ মেচত সদায়ে উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ গতিকে তেওঁক লৈ আমি বিশেষ চিন্তা কৰা নাই৷ ইফালে, ২০১৭ চনৰ চেম্পিয়নছ ট্রফীৰ ফাইনেলত পৰাস্ত হোৱাৰ পোটক তোলাৰ সুৱর্ণ সুযোগ লাভ কৰিছে ভাৰতীয় দলটোৱে৷ চেম্পিয়নছ ট্রফীত এতিয়ালৈকে দুয়োটা দলে পাঁচবাৰ মুখামুখি হৈছে আৰু পাকিস্তানে তিনিবাৰ বিজয় সাব্যস্ত কৰাৰ বিপৰীতে ভাৰতে দুবাৰ জয়ৰ সোৱাদ লাভ কৰিছে৷ আনহাতে, এদিনীয়া আন্তর্জাতিক ক্রিকেটত দুয়োটা দলে এতিয়ালৈকে ১৩৫খন মেচত মুখামুখি হৈছে৷ ইয়াৰে ৫৭খন মেচত টীম ইণ্ডিয়াই জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৭৩খন মেচত বিজয় সাব্যস্ত কৰে৷ ৫খন মেচৰ ফলাফল নোলাল৷ আজিৰ মেচখনৰ মূল একাদশত বিশেষ সালসলনি নহয় বুলি ইংগিত দি অধিনায়ক ৰোহিত শর্মাই কয় যে মহম্মদ ছামিয়ে যশপ্রীত বুমৰাহৰ অভাৱ দূৰ কৰিছে৷ বাংলাদেশৰ বিপক্ষে পাঁচটাকৈ উইকেট দখল কৰি ছন্দলৈ উভতি অহা ছামিয়ে আজিৰ মেচখনতো ভাৰতীয় দলটোৰ হৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ খেলৰ সময় : দিনৰ ২.৩০ বজা৷

You might also like