৯০ মিনিট আগতে অনুশীলনত কোহলি
🔹 ফর্মলৈ ঘূৰি আহিবলৈ আপ্রাণ চেষ্টা বিৰাটৰ
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : চেম্পিয়নছ ট্রফীত আজি চিৰপ্রতিদ্বন্দ্বী পাকিস্তানৰ গুৰুত্বপূর্ণ খেল৷ হাইভল্টেজ মেচখনৰ পূর্বে টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাট কোহলিয়ে পুনৰ ফর্মলৈ ঘূৰি আহিবলৈ আপ্রাণ চেষ্টা কৰিছে৷ কালি দলৰ অনুশীলন আৰম্ভ হোৱাৰ ডেৰ ঘণ্টা পূর্বে খেলপথাৰত উপস্থিত হয় কোহলি৷ তাৰকা বেটাৰগৰাকীয়ে অকলে অনুশীলন কৰে৷ বাকী দলটো খেলপথাৰত উপস্থিত হোৱাৰ আগতেই তেওঁৰ প্রথম ৰাউণ্ডৰ অনুশীলন সামৰে৷ কালি ডুবাইত ভাৰতৰ অনুশীলন স্থানীয় সময় অনুসৰি দিনৰ ১ বজাৰ পৰা (ভাৰতীয় সময় অনুসৰি ২.৩০ বজাত) আৰম্ভ হোৱাৰ কথা আছিল৷ পুৱা প্রায় ১১.৩০ বজাত উপস্থিত হয় কোহলি৷ তেওঁৰ লগত আছিল বেটিং প্রশিক্ষক সীতাংশু কোটক, থ্র’ডাউন বিশেষজ্ঞ নুৱান সেনেবীৰাত্নে আৰু ডি ৰাঘৱেন্দ্র৷ কোহলিয়ে স্থানীয় বলাৰৰ বিৰুদ্ধে নেটত অনুশীলন কৰা দেখা গৈছিল৷ কোহলিৰ বেটিং যথেষ্ট নিখুঁত আৰু চোকা আছিল৷ ড্রাইভিং কৰাৰ লগতে ডিফেঞ্চিভ খেলাৰ চেষ্টা কৰিছিল৷ শেহতীয়াভাৱে স্পিনাৰে কোহলিক এদিনীয়া ক্রিকেটত সমস্যাত পেলাই আহিছে৷ এই ফর্মেটত একেৰাহে ছখন মেচত স্পিনাৰৰ বিৰুদ্ধে আউট হয়৷ পাকিস্তান দলটোত আব্রাৰ আহমেদৰ দৰে স্পিনাৰো আছে৷ খুছদিল শ্বাহ আৰু ছলমান আঘাও পার্ট টাইম স্পিনাৰ৷ ফলত কোহলিয়ে অধিকাংশ বল নেটত স্পিনাৰৰ বিৰুদ্ধে খেলিছিল৷ এজন বা দুজন লেগ ব্রেক বলাৰ আছিল৷ বাঁওহাতৰ স্পিনাৰ এজন আছিল৷