🔹 ৰাজধানীত জঘন্য কাণ্ড : নিদ্ৰাত দিল্লী আৰক্ষী
বিশেষ বার্তা, নতুন দিল্লী, ২৩ ফেব্রুৱাৰী : বনকৰা ছোৱালী হিচাপে কাম বিচাৰি দুবাৰ দিল্লীলৈ আহি দুয়োবাৰেই ধর্ষণৰ বলি হ’ল অসমৰ বুধনি (নাম পৰিৱর্তিত)৷ ঘৰ লখিমপুৰৰ কহলামাৰী চাহ বাগিচাত৷ ভিনীহিয়েকৰ চিনাকি বিহাৰৰ জনৈক বিজয়ৰ জৰিয়তে প্রথমতে ২০২৩ চনত দিল্লীৰ পশ্চিম বিহাৰৰ এটা কোঠিত বনকৰা ছোৱালী হিচাপে বুধনিয়ে কামত নিয়োজিত হয়৷ বুধনি তেতিয়া নাবালিকা৷ বয়স ১৭ বছৰ৷ কেইদিনমান পিছতেই উক্ত কোঠিত কাম কৰা গাড়ীচালকে বুধনিৰ শ্লীলতা হানি কৰে৷ এই জঘন্য ঘটনা সন্দর্ভত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰে যদিও তদন্ত আগ নাবাঢ়িল৷ উপায়হীন হৈ উক্ত বর্ষতেই বুধনি অসমলৈ উভতি যায়৷ অত্যন্ত গৰিব পৰিয়ালৰ কন্যা বুধনি৷ পেটৰ তাড়নাত বিহাৰৰ বিজয়ৰ জৰিয়তে ২০২৪ চনত পুনৰ দিল্লী কামৰ সন্ধানত আহি পায় বুধনি৷ যোৱা বছৰ নৱেম্বৰ মাহত এইবাৰ চিনাকি বিজয়েই প্রথমতে গাড়ীত বুধনিৰ শ্লীলতা হানি কৰে৷ পাছত দিল্লীৰ বুদ্ধ বিহাৰত থকা নিজৰ ঘৰত সংগী পাপ্পু সিঙৰ সৈতে বিজয়ে পুনৰ বুধনিক গণধর্ষণ কৰে৷ সাহস কৰি বুধনিয়ে স্থানীয় আৰক্ষী চকীত গৈ শ্লীলতা হানিৰ গোচৰ দিব বিচাৰে যদিও এইবাৰ আৰক্ষীয়ে গোচৰ ল’বলৈ অস্বীকাৰ কৰে৷ অভিযোগ অনুসৰি আৰক্ষীয়ে আনকি তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈও অসন্মতি প্রকাশ কৰে৷ উপায়হীন হৈ কিবা কৰি বুধনি পুনৰ অসমলৈ ঘূৰি যাবলৈ সক্ষম হয়৷ কিন্তু এইবাৰ বুধনিৰ পৰিয়ালৰ লোকে ন্যায় বিচাৰি দিল্লী আহি পায়হি৷ সম্প্রতি বুধনিৰ সৈতে ভিনীহিয়েকেও দিল্লীৰ আছাম হাউছত আশ্রয় লৈছে৷ যোগাযোগ কৰিছে দিল্লী আৰক্ষীৰ উত্তৰ–পূবৰ প্রতিনিধি ঘৃতাশ্রী ভূঞাৰ সৈতে৷ ঘৃতাশ্রী ভূঞাই এই প্রতিবেদকৰ আগত প্রকাশ কৰা মতে, তেওঁ ইতিমধ্যে দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে৷ শীঘ্রেই বুধনিৰ সৈতে হোৱা অপকর্মৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত একাধিক গোচৰ ৰুজু কৰা হ’ব৷ ইপিনে বুধনিৰ ভিনীহিয়েকে অভিযোগ কৰা মতে, তেওঁৰ চিনাকি বিজয়ে আৰক্ষীক উৎকোচ দি পৰিত্রাণ লাভ কৰিছে যদিও বিজয়ক তেওঁ কোনোপধ্যেই এৰি নিদিয়ে৷ পূর্বতেও অসমৰ পৰা অহা বনকৰা ছোৱালীৰ সৈতে দেশৰ ৰাজধানীত এনে দুষ্কার্য সংঘটিত হৈছে বুলি উল্লেখ কৰি তেওঁৰ গুৰুতৰ অভিযোগ– দিল্লীত বনকৰা ছোৱালীৰ নামত আৰক্ষী আৰু একাংশ সমাজবিৰোধীয়ে লগ লাগি অর্থ উপার্জনৰ ৰেকেট চলাই আছে৷