ৰুশ্বডিৰ আক্রমণকাৰীক দোষী সাব্যস্ত আদালতত
🔹 ৩০ বছৰ কাৰাদণ্ড হ’ব পাৰে মাটাৰৰ
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ‘দ্য ছেটানিক ভার্ছেছ’ৰ স্রষ্টা তথা বুকাৰ বঁটা বিজয়ী লেখক ছলমান ৰুশ্বডিৰ ওপৰত আক্রমণ চলোৱা অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে৷ অভিযুক্ত হাদি মাটাৰক নিউয়র্কৰ আদালতে দোষী সাব্যস্ত কৰিছে৷ ২৭ বছৰীয়া আততায়ীৰ ন্যূনতম ৩০ বছৰৰ কাৰাদণ্ড হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ আগন্তুক ২৩ এপ্রিলত নিউয়র্কৰ আদালতখনে হাদি মাটাৰৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিব৷ উল্লেখনীয় যে মার্কিন আইন অনুসৰি যিবোৰ ধাৰাত হাদি মাটাৰ দোষী সাব্যস্ত হৈছে, সেই ধাৰা অনুসৰি অপৰাধীয়ে ৩০ বছৰ কাৰাদণ্ড পাব লাগে৷ হাদি মাটাৰ হৈছে নিউ জার্ছীৰ বাসিন্দা৷ ২০২২ চনত আমেৰিকাৰ এক অনুষ্ঠানত ৰুশ্বডিৰ ওপৰত প্রাণঘাতী আক্রমণ চলাইছিল হাদি মাটাৰে৷ মঞ্চত উঠি ছুৰীৰে জধে-মধে ৰুশ্বডিৰ ওপৰত আঘাত কৰিছিল হাদি মাটাৰে৷ ছুৰীৰ আঘাতত মঞ্চতে ঢলি পৰে বুকাৰ বঁটা বিজয়ী লেখকগৰাকী৷ কেইবাদিনো ধৰি লেখকগৰাকীক ভেণ্টিলেচনত ৰখা হৈছিল৷ পৰৱর্তী সময়ত ৰুশ্বডি সুস্থ হৈ উঠে যদিও আক্রমণত তেওঁ এটা চকুৰ দৃষ্টিশক্তি সম্পূর্ণৰূপে হেৰুৱাই পেলায়৷ স্মর্তব্য যে আক্রমণৰ পিছৰে পৰা অভিযুক্ত হাদি মাটাৰক আমেৰিকাৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে৷