নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’ল ষ্টেচনত হিন্দী ভাষাত লিখা নাম মচিলে ডিএমকেই

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ ভাষা আন্দোলনৰ জুইত জ্বলিছে তামিলনাডু৷ ৰাষ্ট্রীয় শিক্ষানীতিৰ নামত জোৰকৈ হিন্দী জাপি দিয়াৰ অভিযোগ তুলিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে৷ এনে পৰিস্থিতিৰ মাজত হিন্দী বহিষ্কাৰৰ শ্ল’গান দিছে তামিল সংগঠনসমূহে৷ শেহতীয়াকৈ তামিলনাডুৰ ৰে’ল ষ্টেচনৰ পৰা মচা হৈছে হিন্দী ভাষাত লিখা নাম৷ কালি তামিলনাডুৰ কোইম্বাটুৰ পলাচী ষ্টেচনত হিন্দী ভাষাত লিখা নাম ক’লা চিয়াঁহীৰে মচি দিছে ডিএমকেৰ সদস্যসকলে৷ মুখ্যমন্ত্রী ষ্টেলিনে হুংকাৰ দিছে যে কেন্দ্রই দহ হাজাৰ কোটি টকা দিলেও ৰাষ্ট্রীয় শিক্ষানীতি দক্ষিণৰ ৰাজ্যখনত বলৱৎ কৰা নহ’ব৷ ৰাষ্ট্রীয় শিক্ষানীতি অনুসৰি শিক্ষা ব্যৱস্থাত তামিলনাডুত তিনিটা ভাষাত গুৰুত্ব দিয়া হৈছে৷ সেয়া হৈছে তামিল, হিন্দী, ইংৰাজী৷

You might also like