নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজৌৰীত সেনাৰ গাড়ীত আক্ৰমণ সন্ত্ৰাসবাদীৰ, হাই এলাৰ্ট জাৰি

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সংঘটিত হৈছে এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ। সেনাবাহিনীৰ গাড়ীত কেইবাটাও ৰাউণ্ড গুলীচালনা কৰা হয়, তাৰ পিছত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছে। সূত্ৰ অনুসৰি জম্মুৰ ৰাজৌৰীৰ সুন্দৰবাণী ছেক্টৰত নিশা প্ৰায় ১২.৪৫ বজাত এখন সেনাৰ বাহনত ৪ৰ পৰা ৫ ৰাউণ্ড গুলীচালনা হয়। এই ঘটনা সংঘটিত কৰাৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে সন্ত্ৰাসবাদী। বৰ্তমান এই ঘটনাত কোনো লোক আহত বা হতাহতি হোৱাৰ খবৰ পোৱা নাই। অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰি সন্ত্ৰাসবাদীৰ তালাচী অব্যাহত ৰাখিছে। এই আক্ৰমণ সংঘটিত হোৱা জম্মুৰ সুন্দৰবাণী অঞ্চল এল অ’ চিৰ কাষতে আছে। পুৱাৰে পৰা ইয়াত তালাচী অভিযান চলি আছিল, য’ত সেনাৰ বাহনখনক আক্ৰমণ কৰা হৈছিল। অৱশ্যে সেনাই এতিয়াও আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰা নাই। এই অঞ্চলটো পাকিস্তান সীমান্তৰ লগত সংলগ্ন, সেয়েহে বৰ্তমান আৰক্ষীক তালৈ যাবলৈ দিয়া হোৱা নাই। সেনাই নিজেই তাত অনুসন্ধান অভিযান চলাই আছে। সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট ঘোষণা কৰা হৈছে। এইটোও পোহৰলৈ আহিছে যে গুলীচালনা মাত্ৰ এটা ফালৰ পৰা হৈছিল; আনকি প্ৰতিশোধ লোৱাৰ সুযোগো নাপালে সেনা জোৱানসকলে। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে সেনা জোৱানে। প্ৰাথমিক তদন্তৰ ভিত্তিত কোৱা হৈছে যে এইটো সেনাবাহিনীৰ গাড়ী চলাচলৰ সময়ত আকস্মিকভাৱে গুলীচালনা কৰা হৈছিল। অৱশ্যে এই বিষয়ত এতিয়ালৈকে কোনো সেনা বিষয়াৰ পৰা কোনো বক্তব্য অহা নাই।

You might also like