জার্মানীতো সংকটত ভাৰতীয়
আমেৰিকাৰ পাছত ইউৰোপৰ বিভিন্ন দেশত সংকটত পৰিছে ভাৰতীয় নাগৰিকসকল৷ অবৈধভাৱে অনুপ্রৱেশ কৰা ভাৰতীয়সকলৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ অবৈধ ভাৰতীয়সকলক চিনাক্ত কৰি হাত–ভৰিত শিকলি লগাই বায়ুসেনাৰ বিমানেৰে ভাৰতলৈ প্রেৰণ কৰিছে ট্রাম্পে৷ বিভিন্ন স্থানত জাকে জাকে অবৈধ অনুপ্রৱেশকাৰীক গ্রেপ্তাৰ কৰিছে ট্রাম্প প্রশাসনে৷ ভাৰতে নহয়, অন্যান্য দেশৰ অবৈধ অনুপ্রৱেশকাৰীৰ বিৰুদ্ধেও এই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে আমেৰিকাই৷ আমেৰিকাৰ এই পদক্ষেপক লৈ বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ বিভিন্ন মহলে ট্রাম্পৰ এই কঠোৰ পদক্ষেপক অমানৱীয় বুলি অভিহিত কৰিছে৷ কিন্তু নিজৰ সিদ্ধান্তত অটল ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ অবৈধ অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ সহনশীলতা প্রদর্শন কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে ট্রাম্পে৷ লক্ষণীয় বিষয়টো হৈছে, নির্বাচনৰ প্রচাৰৰ সময়তেই ট্রাম্পে অবৈধ অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ নীতি গ্রহণ কৰা হ’ব বুলি হুংকাৰ দিছিল৷ ৰাষ্ট্রপতি হিচাপে শপত লোৱাৰ মাত্র কেইঘণ্টামানৰ ভিতৰতে ট্রাম্পে প্রতিশ্রুতি দিয়া অনুসৰি বিষয়টোত কঠোৰ অৱস্থান গ্রহণ কৰে৷ এতিয়া ইউৰোপৰ বহু দেশত ট্রাম্পৰ দৰে সোঁপন্থী নেতাৰ উত্থান ঘটিছে৷ আমেৰিকাত অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে এনে কঠোৰ অৱস্থান গ্রহণ কৰাৰ পিছতে ব্রিটেইনতো অনুৰূপ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ব্রিটেইনত প্রধানমন্ত্রী হিচাপে কিয়েৰ ষ্টাৰমাৰে দায়িত্ব লাভ কৰাৰ পিছতে অবৈধ অনুপ্রৱেশকাৰীসকলৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছে অভিযান৷ ইতিমধ্যে বহু অবৈধ ভাৰতীয় অনুপ্রৱেশকাৰীক গ্রেপ্তাৰ কৰা হৈছে দেশখনত৷ আইন অনুসৰি এই ভাৰতীয় নাগৰিকসকলক বিতাড়ন কৰাৰো সিদ্ধান্ত লৈছে ব্রিটিছ চৰকাৰে৷ ব্রিটেইনৰ তৰফৰ পৰা এতিয়াও ভাৰতীয়সকলক প্রত্যর্পণ কৰা নাই যদিও শীঘ্রে এই বিষয়টোত চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব৷ শেহতীয়াকৈ জার্মানীত উত্থান ঘটিছে সোঁপন্থী ৰাজনৈতিক শিবিৰৰ ৷ জার্মানীত ফ্রেডৰিক মার্জৰ নেতৃত্বত ক্ষমতালৈ আহিছে কট্টৰপন্থীসকল৷ নতুন এই সোঁপন্থী চৰকাৰ সীমান্ত নিয়ন্ত্রণ, শৰণার্থী আইন, অনুপ্রৱেশকাৰীসকলক সামাজিক সুবিধা প্রদানৰ বিষয়ত কঠোৰ নীতি গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷ অর্থাৎ দেশখনত বাস কৰি থকা ভাৰতীয় অবৈধ অনুপ্রৱেশকাৰীসকলৰ বিৰুদ্ধে জার্মান চৰকাৰো কঠোৰ হ’ব৷
আমেৰিকা, ব্রিটেইন আৰু জার্মানীয়ে এনেদৰে প্রব্রজনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ নীতি গ্রহণ কৰাৰ ফলত বহু ভাৰতীয় সংকটৰ সন্মুখীন হ’ব৷ পৰিতাপৰ বিষয়টো হৈছে- পাশ্চাত্যত স্বাচ্ছন্দ্যপূর্ণ জীৱন বিচাৰি ভাৰতীয় লোকসকলে যিকোনো উপায়ে বিভিন্ন দেশলৈ যাত্রা কৰে৷ কেতিয়াবা অবৈধভাৱেও মানৱ সৰবৰাহকাৰী চক্রৰ জৰিয়তে ইউৰোপ, আমেৰিকালৈ ভাৰতীয় লোকে যাত্রা কৰে৷ এই লোকসকলৰ গৰিষ্ঠসংখ্যকে দেশত জীৱিকাৰ পথ বিচাৰি নাপাই এনে পন্থা গ্রহণ কৰিবলগীয়া হয়৷ যদিও চৰকাৰে এই সন্দর্ভত কোনোধৰণৰ তথ্য প্রকাশ নকৰে, তথাপি বিদেশত এনে ধৰণৰ কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ পিছত প্রকৃত ছবিখন পোহৰলৈ আহে৷ কিছুদিন পূর্বে বহু ভাৰতীয় নাগৰিকে ৰাছিয়াৰ হৈ ইউক্রেইনত যুদ্ধ কৰি থকা তথ্য পোহৰলৈ আহিছিল৷ আনকি কেইবাজনো ভাৰতীয় নাগৰিকে ইউক্রেইন যুদ্ধত প্রাণ হেৰুৱাবলগীয়া হোৱা বুলিও তথ্য প্রকাশ পাইছে৷ কিন্তু এই সন্দর্ভত চৰকাৰে পূর্বে কোনোধৰণৰ তথ্য প্রকাশ কৰা নাছিল৷ অর্থাৎ কিমানসংখ্যক ভাৰতীয় নাগৰিকে মানৱ সৰবৰাহকাৰী চক্রৰ জৰিয়তেই হওক বা অন্য পথেৰেই হওক, অবৈধভাৱে বিদেশত গৈ আশ্রয় লৈছে সেয়া আজিও স্পষ্ট নহয়৷ শেহতীয়াকৈ আমেৰিকা, ব্রিটেইনে গ্রহণ কৰা কঠোৰ নীতিৰ পিছত পোহৰলৈ আহিছে যে বহু ভাৰতীয় তৰুণ–তৰুণীয়ে জীৱিকাৰ সন্ধানত অবৈধ পন্থা অৱলম্বন কৰি বিদেশত আশ্রয় লৈছে৷ জার্মানীয়ে অনুপ্রৱেশ প্রতিহত কৰিবলৈ পাঁচদফীয়া পৰিকল্পনাৰ কথা ঘোষণা কৰিছে৷ যদি সেয়া বাস্তৱায়িত হয়, তেন্তে শীঘ্রে বহু ভাৰতীয় লোকক দেশখনৰ পৰা বিতাড়ন কৰা হ’ব৷ অর্থাৎ আমেৰিকাৰ পিছত ইউৰোপীয় দেশসমূহতো সংকটৰ সন্মুখীন হ’ব ভাৰতীয় নাগৰিকসকল৷ এইক্ষেত্রত দেশৰ চৰকাৰৰ অৱস্থান কি হ’ব, সেয়া এতিয়াও স্পষ্ট নহয়৷