নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাতপ্ৰাপ্ত ৰোহিত, গিলৰ কান্ধত পৰিব নেতৃত্বৰ ভাৰ!

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ দেওবাৰে ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আইচিচি চেম্পিয়নছ ট্ৰফীৰ লীগ পৰ্যায়ৰ অন্তিম খেলখন। এই মেচখনৰ বাবে প্লেইং এলেভেনৰ পৰিৱৰ্তনেৰে খেলপথাৰত নামিব পাৰে টীম ইণ্ডিয়াই। এক খবৰ অনুসৰি অধিনায়ক ৰোহিত শৰ্মাক জিৰণি দিয়া হ’ব পাৰে। তেওঁৰ অনুপস্থিতিত শুভমন গিলে অধিনায়কত্ব লাভ কৰিব পাৰে। গিল টীম ইণ্ডিয়াৰ উপ-অধিনায়ক। কিয়নো ৰোহিত শৰ্মাই পেশীৰ সমস্যাত ভুগি আছে। ইফালে ৰোহিতে অবিৰতভাৱে খেলি আছে। পাকিস্তানৰ বিৰুদ্ধে খেলৰ সময়ত তেওঁ সমস্যাৰ সন্মুখীন হৈছিল। ৰোহিত পেশীৰ টান হৈছিল। খেলৰ সময়ত তেওঁ খেলপথাৰৰ পৰাও ওলাই আহিছিল। যদিহে ৰোহিত সম্পূৰ্ণ ফিট নহয় তেন্তে তেওঁক নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পৰা জিৰণি দিয়া হব পাৰে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি ৰোহিতৰ অনুপস্থিতিত শুভমনে টীম ইণ্ডিয়াৰ অধিনায়কত্ব লাভ কৰিব পাৰে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই। যদি ৰোহিতক বিৰতি দিয়া হয়, তেন্তে তেওঁৰ ঠাইত ঋষভ পণ্টে প্লেইং এলেভেনত সুযোগ পাব পাৰে। কিন্তু পণ্টে পাঁচ-ছয় নম্বৰত বেটিং কৰিব পাৰে। টীম ইণ্ডিয়াই শুভমনৰ সৈতে কে এল ৰাহুলক অ’পেনিঙৰ বাবে পঠিয়াব পাৰে। ৰাহুলে বহুবাৰ ইনিংছ মুকলি কৰিছে। মিডল অৰ্ডাৰত ভাল প্ৰদৰ্শন কৰিছে পণ্টে। এইবাৰ চেম্পিয়নছ ট্ৰফীত ভাৰতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। প্ৰথমখন খেলত বাংলাদেশক পৰাস্ত কৰে। ইয়াৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰে। এই জয়েৰে টীম ইণ্ডিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰে। এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে গ্ৰুপৰ শেষৰখন মেচ খেলিব।

You might also like