ৰাজলক্ষ্মীয়ে বিপদত পেলালে লখিমপুৰ জিলা মইনা পাৰিজাতক
বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসমৰ অন্যতম ভ্ৰাম্যমাণ নাট্য দল ৰাজলক্ষ্মী থিয়েটাৰে বিপদত পেলালে উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতক। মইনা পাৰিজাতৰ সাহাৰ্য্যাৰ্থে নাট প্ৰদৰ্শন কৰাৰ চুক্তি কৰিও মূৰকত নাট প্ৰদৰ্শন কৰিব নোৱাৰিব বুলি থিয়েটাৰ খনৰ তৰফৰ পৰা জনোৱাত সংকটত পৰিছে লখিমপুৰ জিলা মইনা পাৰিজাত। মইনা পাৰিজাতৰ সভাপতি গোপাল হাজৰিকা, সাধাৰণ সম্পাদক তীৰ্থ ৰঞ্জন শৰ্মাই প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰে যে জিলা মইনা পাৰিজাতৰ সাহাৰ্য্যাৰ্থে ৰাজলক্ষ্মী থিয়েটাৰক নাট প্ৰদৰ্শনৰ বাবে চুক্তিবদ্ধ কৰা হৈছিল। যোৱা ডিচেম্বৰ মাহতে নাট্য দলটোৰ সৈতে চুক্তি কৰি ৫০ হেজাৰ টকা আগধন দিয়া হয়। চুক্তি মতে অহা ৭, ৮ আৰু ৯ মাৰ্চত লখিমপুৰ নগৰ এলেকাৰ বৰমূৰীয়া তিনি আলিৰ কাষৰ সনাতন গাঁৱৰ খেলপথাৰত দলটোৱে নাট প্ৰদৰ্শন কৰিব। সেই মৰ্মে মইনা পাৰিজাতৰ তৰফৰ পৰা আগতীয়াকৈ টিকট বিক্রী কৰা হয়। মইনা পাৰিজাতে এনে প্ৰস্তুতি কৰি থকাৰ সময়তে কেইদিনমানৰ আগতে নাট্য দলটো ভাগি থাকে। যোৱা ২২ ফেব্ৰুৱাৰীৰ দিনা নাট্য দলটোৰ প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰে নাট্য দলটো ভাগি যোৱাৰ কথা তেওঁলোকক জানিবলৈ দিয়ে। তেওঁ এই কথা জনোৱাৰ লগতে আগন্তুক মাৰ্চ আৰু এপ্রিল মাহত মইনা পাৰিজাতৰ পৰা লোৱা আগধন ঘুৰাই দিব বুলি জানিবলৈ দিয়ে। এই খবৰে বিপদত পেলাই জিলা মইনা পাৰিজাতক। যিহেতু তেওঁলোকে আগতীয়াকৈ টিকট বিক্রী কৰিছিল৷ সেয়ে সংকটত সন্মূখীন হবলগীয়া হয়। বিবৃতিটোত মইনা পাৰিজাতৰ তৰফৰ পৰা এই কথা উল্লেখ কৰি যি সকল লোকে টিকট লৈছিল তেওঁলোকক পৰ্যায় ক্ৰমে মইনা পাৰিজাতে টিকটৰ মূল্য ঘুৰাই দিব বুলি জানিবলৈ দিয়ে।
প্ৰেৰক জীৱন গোস্বামী