শৰীৰ চৰ্চাৰ প্রয়োজনীয়তা
স্বাস্থ্যই পৰম ধন…৷ অতীত কালৰে পৰা এই কথাশাৰী আমাৰ সমাজত প্রচলিত হৈ আহিছে৷ মানুহৰ জীৱনত অজস্র ধন–ঐশ্বর্য থাকিব পাৰে, কিন্তু সেই সকলোবোৰ ক্ষণস্থায়ী৷ ইয়াৰ বিপৰীতে স্বাস্থ্য এনে এক সম্পদ, যিয়ে মানুহৰ জীৱন কৰি তোলে সর্বাংগসুন্দৰ আৰু শাশ্বত৷ সেইবাবেই হয়তো স্বাস্থ্যক পৰম সম্পদ বুলি কোৱা হয়৷ অতীত কালত ঋষি–মুনিসকলে প্রতিকূল পৰিৱেশৰ মাজত থাকিও যোগাভ্যাস তথা শৰীৰ চর্চাৰ জৰিয়তে এক সুস্থ জীৱন–যাপন কৰিছিল আৰু দীর্ঘায়ু লাভ কৰিবলৈ সক্ষম হৈছিল৷ এনে পৰম্পৰা বর্তমান সময়তো সীমিতসংখ্যক মানুহৰ মাজত অব্যাহত আছে যদিও অধিকসংখ্যক লোকৰ মাজত শৰীৰ চর্চাৰ প্রৱণতা দেখিবলৈ পোৱা নাযায়৷ ফলত মানুহৰ স্বাস্থ্যলৈ নামি আহিছে চৰম বিপর্যয়৷ শৰীৰ চর্চাৰ প্রতি আসক্তি নোহোৱা বাবে মানুহৰ জীৱনলৈ নামি আহিছে অকাল বার্ধক্য আৰু বিভিন্ন ৰোগ৷ আধুনিকতাৰ ধামখুমীয়াত সোমাই পৰা মানুহৰ জীৱনযাত্রা হৈ পৰিছে অতিশয় ব্যস্ত আৰু জটিল৷ তদুপৰি অতিপাত ভোগ–বিলাসিতাই মানুহক আত্মকেন্দ্রিক তথা স্বার্থসর্বস্ব কৰি তোলাৰ ফলত হেৰাই গৈছে জীৱনৰ প্রকৃত ৰং৷ ইপিনে, অধিকাংশ অভিভাৱকে সন্তানক অধিক কেৰিয়াৰ সচেতন কৰিবলৈ গৈ তেওঁলোকক একো একোটা যন্ত্রত পৰিণত কৰিছে৷ কোমল বয়সতে যন্ত্র মানৱত পৰিণত হোৱা এইসকল নৱপ্রজন্মৰ নাগৰিকে খেলা–ধূলা, যোগ, শৰীৰ চর্চা আদিৰ প্রতি স্বাভাৱিকতে অনাগ্রহী হৈ পৰা পৰিলক্ষিত হৈছে৷ এয়া নিশ্চিতভাৱে আমাৰ ভৱিষ্যৎ প্রজন্মৰ বাবে এক অশুভ বার্তা৷ উল্লেখ্য যে অতীজৰে পৰা অসম তথা পুৰণি কামৰূপ ঋষি–মুনিসকলৰ যোগ সাধনাৰ দেশৰূপে বহুলভাৱে চর্চিত হৈ আহিছে৷ অটব্য অৰণ্যৰ মাজত বহি তেওঁলোকে মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ ধৰি যোগ সাধনাত ব্রতী হৈছিল আৰু ইয়াৰ সুদূৰপ্রসাৰী ফলো লাভ কৰিছিল৷ পৰৱর্তী কালত এই যোগ সাধনাক সর্বসাধাৰণ লোকৰ মাজলৈ অধিক সংস্কৃত ৰূপত প্রৱেশ কৰোৱা হৈছে৷ ফলত মানুহৰ জীৱনৰ বাবে অতিশয় প্রয়োজনীয়ৰূপে পৰিগণিত হোৱা যোগ সাধনা তথা শৰীৰ চর্চাই জনসাধাৰণৰ মাজত ব্যাপকভাৱে সমাদৃত হ’বলৈ ধৰে৷ এই পৰিৱেশ দীর্ঘদিন ধৰি অব্যাহত থাকিল৷ কালক্রমত আধুনিকতাৰ কৰাল গ্রাসত পৰি এনে এটি স্বাস্থ্যৰক্ষাৰ গুণকাৰী দিশৰ প্রতি মানুহে কর্ণপাত নকৰা হ’ল৷
অৱশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মানুহৰ জীৱনত যোগৰ প্রয়োজনীয়তা উপলব্ধি কৰি ইয়াক আন্তর্জাতিক পর্যায়ত প্রতিষ্ঠা কৰিবলৈ গ্রহণ কৰা পদক্ষেপ ইতিমধ্যে সফল হৈছে৷ এতিয়া প্রতিবছৰে ২১ জুনত যোগ দিৱস বিশ্বৰ প্রায় সকলো দেশতে পালন কৰা হয়৷ প্রধানমন্ত্রীগৰাকীৰ অন্য সকলো দেশহিতৈষী কাম বাদ দিলেও কেৱল ভাৰতীয় যোগক সমগ্র বিশ্বৰ মানৱ জাতিৰ মংগলৰ বাবে সম্প্রসাৰিত কৰাৰ মহান প্রয়াসৰ বাবে বিশ্ববাসীয়ে তেওঁক সদায় মনত ৰাখিব৷ কাৰণ পৌৰাণিক কালৰে পৰা যোগ আৰু শৰীৰ চর্চা মানৱ সমাজত অব্যাহত থাকিলেও আধুনিক প্রযুক্তিবিদ্যা আৰু চিকিৎসা বিজ্ঞানে আকাশলংঘী সফলতা অর্জন কৰাৰ সময়তো বিজ্ঞানীসকলে যোগ, সমৰকলা তথা ক্রীড়াক সুস্বাস্থ্যৰ আটাইতকৈ কার্যকৰী উপায় হিচাপে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধি বৰ অসম গঢ়াৰ সপোন বাস্তৱায়িত কৰা, অসমীয়া সাহিত্য-সংস্কৃতিৰ পুৰোধা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক এগৰাকী মহান ক্রীড়াবিদ বুলি ক’লেও নিশ্চয় ভুল কৰা নহ’ব৷ বহুতৰ বাবে ধাৰণাৰ বাহিৰত হ’লেও সঁচা যে ধর্ম, সাহিত্য, সংস্কৃতিৰ চর্চা কৰাৰ সমান্তৰালভাৱে মহাপুৰুষগৰাকীয়ে শৰীৰ চর্চাও কৰিছিল৷ কাৰণ তেওঁ জানিছিল যে দেহা থাকিলেহে বেহা৷ তেওঁ প্রৱর্তন কৰা বৈষ্ণৱ ধর্ম প্রচাৰৰ বাবে তথা অসমৰ বিভিন্ন প্রান্তৰ মানুহৰ হূদয়ত প্রৱেশ কৰিবলৈ যে নিজকে সম্পূর্ণৰূপে সুস্থ ৰাখিবই লাগিব৷ শৰীৰ চর্চাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰা বাবেই তেওঁ দীর্ঘায়ু হৈছিল আৰু শতায়ু হ’বলৈ সক্ষম হৈছিল৷ সেইবাবেই শ্রীমন্ত শংকৰদেৱক অসমৰ প্রথমগৰাকী ক্রীড়াবিদ বুলি কোৱাই সমীচীন হ’ব৷ কথাগুৰু চৰিতত শংকৰদেৱৰ বিভিন্ন দিশৰ লগতে শাৰীৰিক শক্তি আৰু শৰীৰ চর্চাৰ দিশটোৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা হৈছে৷ বিশিষ্ট সাহিত্যিক উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদনা কৰা ‘কথাগুৰু চৰিত’ত মহাপুৰুষজনাৰ শৰীৰ চর্চা, শাৰীৰিক শক্তি আৰু যোগাভ্যাসৰ বিষয়ে উল্লেখ কৰিছে৷ চৰিত পুথিৰ বর্ণনাই স্পষ্ট কৰি দিয়ে যে তেওঁ আছিল এগৰাকী মহান ক্রীড়াবিদ৷ যোগবিদ্যাৰ ঐতিহ্য আৰু প্রয়োজনীয়তাক আজিও কোনেও অস্বীকাৰ কৰিব পৰা নাই৷ মহাপুৰুষৰ এই আদর্শ গ্রহণ কৰিব পাৰিলেই বর্তমান প্রজন্মৰ যুৱক–যুৱতীসকলৰ সুস্বাস্থ্য অক্ষত থাকিব৷ সু–স্বাস্থ্যৱান লোকেহে এটা জাতিক উন্নত ৰূপত জীয়াই ৰাখিব পাৰে৷ ইয়াৰ বাবে নতুন প্রজন্মই খেল–ধেমালিৰ প্রতি আগ্রহী হ’বই লাগিব৷ দুখৰ বিষয়- গাঁও অঞ্চলৰ ল’ৰা–ছোৱালীয়ে খেলা–ধূলা কৰাৰ বাবে এতিয়া খেলপথাৰৰ অভাৱ৷ চৌদিশে হোৱা বেদখলৰ ফলত খেলপথাৰসমূহ সংকুচিত হৈ আহিছে৷