নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাজু ধুবুৰী-বাংলাদেশৰ চিলমাৰী নদী বন্দৰৰ মাজৰ জলপথ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চ : অৱশেষত যাত্ৰাৰ বাবে সাজু হ’ল ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধীকৰণৰ ধুবুৰীৰ পঞ্চুঘাটস্থিত নদী বন্দৰৰ পৰা বাংলাদেশৰ চিলমাৰী নদী বন্দৰৰ মাজৰ জলপথ। বিগত প্ৰায় আঢ়ৈ মাহ ধৰি চলাই ড্ৰেজিং কৰ্পোৰেচন অফ ইণ্ডিয়াই দিনে নিশাই বৰলুইতত ড্ৰেজিং কৰি মুকলি কৰিবলৈ সক্ষম হয় জলপথচোৱা। দুখনকৈ ড্ৰেজাৰ আৰু কেইবাটাও কেইবাটাও এছকেভেটৰেৰে নৈখনৰ বুকুত ৬ কিলোমিটাৰৰ অধিক দূৰত্ব খনন চলোৱাৰ পিছত এতিয়া কেবল ধুবুৰী আৰু বাংলাদেশৰ মাজতেই নহয়; সূচল হৈ পৰিছে ধুবুৰীৰ পৰা দক্ষিণ শালমাৰা, মানকাচৰ, জলেশ্বৰ আৰু বীৰসিং জৰুৱা আদি বিভিন্ন অঞ্চললৈ নাওঁ-ফেৰীৰ চলাচলো। উল্লেখ্য যে, এইবেলি খৰালি পৰাৰ ল’গে ধুবুৰীৰ বৰলুইতৰ জলস্তৰ অস্বাভাবিক ভাবে হ্ৰাস পোৱাৰ ফলত বন্ধ হৈ পৰিছিল ধুবুৰী আৰু বাংলাদেশৰ চিলমাৰী নদী বন্দৰৰ মাজত মালবাহী জাহাজৰ চলাচল আৰু ফলত স্তব্ধ হৈ পৰিছিল জলপথেৰে ধুবুৰী হৈ ভাৰত আৰু বাংলাদেশৰ মাজৰ আমদানী-ৰপ্তানী। কেৱল সেয়াই নহয়, দৈনিক ধুবুৰীৰ পৰা বৰলুইতৰ দক্ষিণ পাৰৰ বিভিন্ন চৰাচঞ্চললৈ যাতায়াত কৰা যাত্ৰীবাহী লঞ্চ আৰু সৰু-বৰ যাত্ৰীবাহী আৰু মালবাহী ইঞ্জিন চালিত নাওঁ চলাচল কৰাৰ ক্ষেত্ৰত সৃষ্টি হৈছিল অসুবিধাৰ। আনকি, বৰলুইতৰ জলস্তৰৰ বাবে ধুবুৰীৰ পৰা যাতায়াত কৰা আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ ৰোপেক্স সেৱাও। উল্লেখনীয় যে, বিগত ২০১৯ বৰ্ষৰ ১২ জুলাইৰ  ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধীকৰণৰ  নবনির্মিত ধুবুৰীৰ পঞ্চুঘাটৰ সেই নদী বন্দৰটো বৰলুইতেদি বাংলাদেশৰ নাৰায়ণগঞ্জলৈ  ১০০০.৫ মেট্ৰিক টন পাথৰ লৈ যাত্ৰা কৰিছিল ভাৰতীয় জাহাজ এমভি এএআই আৰু এইদৰেই সূচনা ঘটিছিল জলপথেৰে আন্তঃৰাষ্ট্ৰীয় আমাদানী -ৰপ্তানীৰ এক নতুন দিগন্তৰ৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like