নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BIG ZERO : বিৰোধীৰ ৰিজ’ৰ্ট বৈঠক চূড়ান্ত ব্যর্থ

🔹 অখিল গগৈৰে দুর্বাদল কাজিয়া কংগ্রেছৰ

🔹 ফ্লপ শ্ব’ ড০ হীৰেন গোহাঁইৰ নেতৃত্বত আতিথ্য ৰিজ’ৰ্টৰ বিৰোধী দলৰ বৈঠক

বিশেষ বাৰ্তা, ২ মার্চ : বিগ জিৰ’ত পৰিণত হ’ল বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে চলোৱা বিৰোধী ঐক্য গঠনৰ প্রচেষ্টা৷ অহা ২০২৬ৰ বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ লক্ষ্যৰে ড০ হীৰেন গোহাঁয়ে হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰৰ সৈতে এআইইউডিএফক বাদ দি ৰাজ্যৰ বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহক একত্রিত কৰাৰ প্রচেষ্টা চলায়৷ ইয়াৰ অংশ হিচাপে কালি বিয়লি সোণাপুৰৰ আতিথ্য ৰিজ’ৰ্টত এখন বৈঠকৰ আয়োজন কৰে৷ উক্ত বৈঠকত কংগ্রেছ, ৰাইজৰ দল, অজাপ, চিপিআই (এম) দলক আমন্ত্রণ জনায়৷ ড০ হীৰেন গোহাঁইৰ আমন্ত্রণ ৰক্ষা কৰি উক্ত দলসমূহ কালি আতিথ্য ৰিজ’ৰ্টত উপস্থিত হয়৷ সভা আৰম্ভ হোৱাৰ লগে লগে নতুন দিল্লীৰ পৰা ড০ হীৰেন গোহাঁয়ে ভার্চুৱেলী উপস্থিত প্রতিনিধিসকলক সম্বোধন কৰি বিজেপিক উৎখাতৰ বাবে সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়৷ ইয়াৰ পাছতে সভাখনত কেণা লাগিল৷ ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে কংগ্রেছ দলে সদায়ে আন বিৰোধীক ‘ৰামঠগন’ দিয়া বুলি কৰা মন্তব্যক কেন্দ্র কৰিয়েই সভাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ আনকি অখিল গগৈৰ লগত জ্যেষ্ঠ কংগ্রেছ নেতা প্রদ্যুৎ বৰদলৈৰ দুর্বাদল কাজিয়া হয়৷ পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে এটা সময়ত সাংসদ বৰদলৈয়ে তীব্র উষ্মাৰে সভাস্থলী ত্যাগ কৰে৷ বৰদলৈৰ পিছে পিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাও ওলাই আহে৷ বাহিৰত সংবাদ মাধ্যমৰ আগত তীব্র উষ্মাৰে সাংসদ বৰদলৈয়ে কয় যে মই এই সভাত নাথাকোঁ৷ মোৰ দলক কোনোবাই বেয়াকৈ ক’ব মই সহ্য কৰিম নেকি? কংগ্রেছে সদায় আন বিৰোধীক ৰামঠগন দিয়া বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ বিষয়ে সাংবাদিকে উল্লেখ কৰাত সাংসদ বৰদলৈয়ে অধিক উষ্মাৰে কয়– ‘তেতিয়াহ’লে কংগ্রেছৰ লগত তেওঁ কিয় কাম কৰিবলৈ আহিছে?’ এইদৰে মন্তব্য কৰিয়েই সাংসদ বৰদলৈ আতিথ্য ৰিজ’ৰ্টৰ পৰা ওলাই আহে৷ আনহাতে, প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত কয় যে আমি ইয়াত হীৰেন গোহাঁইৰ নিমন্ত্রণতহে আহিছোঁ৷ ইয়াতকৈ তেওঁ অধিক কোৱাৰ পৰা বিৰত থাকে৷ ইয়াৰ লগে লগে ড০ হীৰেন গোহাঁইৰ প্রচেষ্টাত আৰম্ভ হোৱা বিৰোধীৰ ৰিজ’ৰ্ট বৈঠক চূড়ান্ত ব্যর্থ যে হ’ল, সেয়া পৰিস্ফুট হৈ পৰিল৷ মন কৰিবলগীয়া যে কালি বৈঠক আৰম্ভ হোৱাৰ পূর্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সাংবাদিকৰ আগত কয় যে আমি সকলোৱে বিজেপিক উৎখাতৰ বাবে সমিলমিলেৰে নির্বাচন খেলিব বিচাৰোঁ৷ কংগ্রেছেহে আসন এৰি দিব নিবিচাৰে৷ আমি চলিত মার্চ মাহৰ ভিতৰত যদি সঁচাকৈ কোনটো দলে ক’ত নির্বাচন খেলিব, সেই কথাটো ঠিক কৰিব পাৰোঁ তেতিয়া সঠিক দিশেৰে আগবাঢ়িব পাৰিম৷ কিন্তু নির্বাচনৰ সময়ত কংগ্রেছে আসনক লৈ আঁকোৰগোজ ভাবটো লৈ থাকে৷ সকলোকে সন্মানজনকভাৱে আসন দিব লাগে৷ অখিল গগৈয়ে আৰু কয় যে চাৰিবাৰকৈ আমি ৰামঠগন খালোঁ৷ ২০২১ৰ বিধানসভা নির্বাচনত আমি প্রথমবাৰ ৰামঠগন খালোঁ৷ ২০২১ৰ উপ–নির্বাচনতো ঠগন খালোঁ৷ যোৱা লোকসভা নির্বাচনত আমি ত্যাগ কৰিলোঁ৷ ২০২৪ৰ উপ–নির্বাচনতো আমি ত্যাগ কৰিলোঁ৷ আমি দাতাকর্ণ হৈ কিমানদিন থাকিম? বৈঠকৰ পূর্বে অখিল গগৈয়ে কৰা এনে মন্তব্যৰ বাবে মূলতঃ কালি কংগ্রেছ দল ক্ষুণ্ণ হৈ পৰে৷ যাৰ প্রতিফলন বৈঠকত প্রতিফলিত হয়৷ আনকি ইয়াৰ বাবে ৪৫ মিনিটতে কংগ্রেছে সভা ত্যাগ কৰে৷ ইফালে, বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিতর্ক হোৱাৰ কথাটো স্বীকাৰ কৰি কয়- যুক্তি–তর্ক–আলোচনা এইবোৰ থাকিবই৷ তাৰ পিছতহে সিদ্ধান্ত৷ আজিৰ বৈঠকত সিদ্ধান্ত হৈছে পৰৱর্তী দিনত সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব৷ সেইদৰে বৈঠকৰ অন্যতম আহ্বায়ক হৰেকৃষ্ণ ডেকাই কয় যে সকলো বিৰোধী দল লগ হৈ বিজেপিবিৰোধী ঐক্যমঞ্চ এখন গঠন কৰা হ’ব৷ একেদৰে ৰাজ্যসভাৰ সাংসদ তথা বৈঠকৰ আন এগৰাকী আহ্বায়ক অজিত কুমাৰ ভূঞাই কয় যে ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকাৰ নেতৃত্বত ৰাজ্যৰ ৰাজনীতিৰ ক্ষেত্রত সকলো বিৰোধী দল তেওঁলোকে বিচৰাৰ দৰে সমৱেত হৈছে৷ এনে এটা সময়ত বিজেপিৰ বিৰুদ্ধে যিখন যুদ্ধ হ’ব, তাত যুক্তি–তর্ক থাকিবই৷ প্রদ্যুৎ বৰদলৈয়ে ব্যক্তিগত খঙত ওলাই যাব পাৰে৷ কিন্তু কথা হ’ল- ২০২৬ৰ নির্বাচনত সকলো বিৰোধী দল একলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব৷ পৰৱর্তী আলোচনাত আজি যিসমূহ দল ৰৈ গৈছে, তেওঁলোকক আলোচনাৰ মাজলৈ আনিব লাগিব৷ বিৰোধী ঐক্যৰ প্রথম সভাখন কালি সফল হোৱা বুলি দাবী কৰি অজিত ভূঞাই আৰু কয় যে অসমৰ ৰাইজক এক বার্তা দিব বিচাৰিছোঁ যে বিজেপিক হৰুওৱাৰ স্বার্থত, প্রতিহত কৰাৰ স্বার্থত প্রতিটো ৰাজনৈতিক দলে ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰিছে আৰু এইটোৱেই হ’ল আজিৰ বৈঠকৰ মূল বক্তব্য৷ ইফালে, এআইইউডিএফক বাদ দি অসমত বিৰোধী ঐক্য হ’ব নোৱাৰে বুলি উল্লেখ কৰি এআইইউডিএফৰ জ্যেষ্ঠ নেতা, বিধায়ক ৰফিকুল ইছলামে কয় যে অসমত কংগ্রেছৰ পাছতে এআইইউডিএফ দ্বিতীয় বৃহৎ ৰাজনৈতিক শক্তি৷ কংগ্রেছৰ ২১–২২জন বিধায়ক থকাৰ বিপৰীতে এআইইউডিএফৰ ১৫জন বিধায়ক আছে৷ চিপিআই (এম) আৰু ৰাইজৰ দলৰ এজনকৈ বিধায়ক থকাৰ বাহিৰে আন কোনো বিৰোধী দলৰে বিধায়ক নাই৷ বাকী দলবোৰৰ কোনো ভিত্তি নাই৷ সাংসদ অজিত ভূঞাৰ দলটোৰ তেৱেঁই সভাপতি, তেৱেঁই সম্পাদক, তেৱেঁই সকলো৷ এনেধৰণৰ দল যিমানেই লগ নালাগক কিয়, সফল হ’ব নোৱাৰে৷ তেওঁলোকে এআইইউডিএফক বাদ দি যদি বিজেপিক পৰাভূত কৰিব পাৰে, কৰক৷

You might also like