নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰুণৰ স্পিন ঘূর্ণিত তচনচ নিউজিলেণ্ডৰ বেটিং

নিউজ ডেস্ক, ৩ মাৰ্চঃ ছেম্পিয়নছ ট্রফীৰ ছেমিফাইনেলত প্রৱেশ কৰিলে অপৰাজিত ভাৰতে৷ বাংলাদেশ আৰু পাকিস্তানৰ বিৰুদ্ধে ফেভাৰিট হিচাপে নামিছিল দলটো৷ প্রত্যাশা অনুসৰি সহজেই জয়লাভ কৰিছিল ৰোহিত বাহিনীয়ে৷ কিন্তু প্রকৃত পৰীক্ষা আছিল নিউজিলেণ্ডৰ বিৰুদ্ধে৷ কাৰণ ঘৰুৱা মাটিত এই দলটোৱে টেষ্টত ভাৰতক পৰাজিত কৰিছিল৷ অৱশেষত সকলো দুঃচিন্তাৰ পৰা মুক্ত কৰি বিজয়ৰ হেটট্রিকেৰে ছেমিফাইনেলত স্থান নিশ্চিত কৰে ভাৰতে৷ টীম ইণ্ডিয়াই নিউজিলেণ্ডক পৰাজিত কৰে ৪৪ ৰানত৷ বিপক্ষ দলৰ ৫টা উইকেট দখল কৰে বৰুণ চক্রৱর্তীয়ে৷ টছত পৰাজিত হ’লেও প্রথমে বেটিং কৰি ভাৰতে সংগ্রহ কৰে ২৪৯ ৰান৷ প্রত্যুত্তৰত ২৫০ ৰানৰ বিজয় লক্ষ্য সন্মুখত লৈ নিউজিলেণ্ডে সংগ্রহ কৰে ২০৫ ৰান৷ আজি মেচখনৰ আৰম্ভণিতে নিউজিলেণ্ডৰ ফিল্ডিঙৰ যাদু দেখিলে ডুবাইত উপস্থিত দর্শকসকলে৷ কেচ পেলোৱাৰ বাবে বিখ্যাত ষ্টেডিয়ামখনত ইটোৰ পিছত সিটো কেচ ধৰি সকলোকে বিস্মিত কৰিলে কিৱি বাহিনীয়ে৷ দুর্দান্ত ফিল্ডিঙৰ বাবে ভাৰতে আৰম্ভণিতে কেবাটাও গুৰুত্বপূর্ণ উইকেট হেৰুৱায়৷ ফলত ৰানৰ গতিও বহু পৰিমাণে হ্রাস পায়৷ ভাৰতে ফিল্ডিং কৰাৰ সময়ত নিউজিলেণ্ডৰ নিচিনা প্রদর্শন দেখা নগ’ল যদিও বৰুণৰ স্পিনৰ যাদুত দিশহাৰা হৈ পৰে নিউজিলেণ্ড৷ তেওঁৰ স্পিনৰ ঘূর্ণীত ইটোৰ পিছত সিটো ভুল কৰিবলৈ বাধ্য হয় বিপক্ষৰ বেটাৰসকলে৷ ব্যতিক্রম আছিল কেৱল কেন উইলিয়ামছন (৮১)৷ নিউজিলেণ্ডৰ বিৰুদ্ধে আজি হর্ষিত ৰানাৰ স্থানত বৰুণক দলভুক্ত কৰা হয়৷ ডুবাইৰ স্পিনাৰৰ সহায়ক পিটছত স্পিনাৰে সহায় পাব বুলিও তেওঁক দলত লোৱা হৈছিল৷ সেই সিদ্ধান্ত যে ভুল নাছিল খেলৰ অন্তত তাকেই প্রমাণিত হ’ল৷ বৰুণে অকলে ৫টা উইকেট দখল কৰাৰ বিপৰীতে দুটা উইকেট লাভ কৰে কুলদীপ যাদৱে৷ এটাকৈ উইকেট দখল কৰে ৰবীন্দ্র জাদেজা, অক্ষৰ পেটেল আৰু হার্দিক পাণ্ডিয়াই৷ নিউজিলেণ্ডৰ হৈ পেচাৰসকলে ৭টা উইকেট লাভ কৰিছিল৷ ভাৰতৰ স্পিনাৰে দখল কৰে ৯টা উইকেট৷ আজি ৩০ ৰানৰ ভিতৰতে ভাৰতৰ শুভমন গিল (২), ৰোহিত শর্মা (১৫) আৰু বিৰাট কোহলি (১১) আউট হয়৷ কোহলিয়ে আজি কেৰিয়াৰৰ ৩০০তম মেচত অৱতীর্ণ হৈছিল৷ অৱশ্যে মেচখন স্মৰণীয় কৰি ৰাখিব নোৱাৰিলে তেওঁ৷ ভাৰতৰ হৈ সর্বাধিক ৰান কৰে শ্রেয়ছ আয়াৰে (৭৯)৷ তেওঁ আৰু অক্ষৰ পেটেলে ৯৮ ৰানৰ যুটী বান্ধে৷ সেই সময়ত ভাৰতে বৃহৎ ৰান সংগ্রহ কৰিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু অক্ষৰ পেটেল (৪২) আউট হোৱাৰ লগে লগে ভাৰতৰ ৰানৰ গতি কমি আহে৷ শেষৰ ফালে হার্দিক পাণ্ডিয়াই (৪৫) কিছু চেষ্টা চলাইছিল যদিও তেওঁ অন্য বেটাৰৰ বিশেষ সহায় নাপালে৷ লোকেশ ৰাহুলে ২৩ আৰু ৰবীন্দ্র জাদেজাই ১৬ ৰান কৰে৷ এতিয়া ছেমিফাইনেলত ভাৰতে অষ্ট্রেলিয়াৰ বিপক্ষে আৰু নিউজিলেণ্ডে খেলিব দক্ষিণ আফ্রিকাৰ বিপক্ষে৷ মঙলবাৰে ডুবাইত ভাৰত আৰু অষ্ট্রেলিয়াৰ মেচ অনুষ্ঠিত হ’ব৷ বুধবাৰে লাহোৰত হ’ব দ্বিতীয়খন ছেমিফাইনেল৷

You might also like