মাফিয়াৰ ভয়ত আতংকিত মাৰাডোনাৰ পৰিয়াল
নিউজ ডেস্ক, ৩ মাৰ্চঃ ডিয়েগ’ মাৰাডোনাৰ মৃত্যুৰ প্রকৃত কাৰণ এতিয়াও অজ্ঞাত৷ তেওঁৰ পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসাৰ গাফিলতিৰ বাবে মৃত্যু হৈছিল কিংবদন্তি ফুটবলাৰগৰাকীৰ৷ পত্নী ক্ল’ডিয়া আৰু কন্যা দালমাৰ অভিযোগৰ ভিত্তিত এতিয়াও গোচৰ অব্যাহত আছে৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে মাৰাডোনাৰ পৰিয়ালৰ চাঞ্চল্যকৰ দাবী৷ মাফিয়াৰ ভয়ত পিতৃৰ মৃত্যুৰ প্রকৃত কাৰণ জনাব পৰা নাই বুলি দাবী কৰিছে দালমাই৷ উল্লেখ্য যে অহা ১১ মার্চত আর্জেণ্টিনা আদালতত মাৰাডোনাৰ মৃত্যুৰ শুনানি হ’ব৷ ইয়াৰ পূর্বে মাফিয়াৰ হুমকিৰ বাবে তেওঁলোকৰ পৰিয়ালে দিন অতিবাহিত কৰা বুলি কন্যা দালমাই সংবাদ মাধ্যমক জনাইছে৷ এটি সাক্ষাৎকাৰত কান্দি কান্দি তেওঁ কৈছে– ‘মায়ে যথেষ্ট ভয় খাইছে আৰু উদ্বিগ্ন হৈ পৰিছে৷ মাফিয়াৰ ভয়ত মুখ খুলিব পৰা নাই৷ কাৰণ মাফিয়াৰ টকা আৰু ক্ষমতা দুয়োটাই আছে৷ তেওঁলোকে সকলো নিয়ন্ত্রণ কৰে৷ মাতৃয়ে মোক এইবোৰ ক’বলৈ বাধা দিছিল যদিও মোৰ বাবে মনে মনে থকা সম্ভৱ নহয়৷ কাৰ বিৰুদ্ধে যুদ্ধত নামিছোঁ সেয়া জানো৷ কিন্তু সকলোৱে প্রকৃত সত্য জানক, আমি এইটোৱে বিচাৰোঁ৷ দেউতাৰ বাবে আমি এইখিনি কৰিব লাগিব৷ উল্লেখ্য যে যথাযথ বিচাৰৰ দাবী জনাইছে ৩৬ বছৰীয়া দালমাই৷ মাৰাডোনাৰ মৃত্যুৰ ঘটনাত চিকিৎসক আৰু নার্ছসহ ৮জন লোক আছে অভিযুক্তৰ তালিকাত৷ প্রাথমিক তদন্তৰ পিছত ২০২১ চনত মাৰাডোনাৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকৰ দলটোক অনুপযুক্ত বুলি কোৱা হৈছে৷ আনহাতে তেওঁলোকৰ চিকিৎসা পদ্ধতিও সঠিক নাছিল বুলি জনোৱা হৈছে৷ মাদক দ্রব্যসহ বিভিন্ন নিচাযুক্ত দ্রব্যৰ প্রতি আসক্ত আছিল মাৰাডোনা৷ অসুস্থতাৰ বাবে তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ ২০২০ চনৰ ২৫ নৱেম্বৰত মৃত্যু হৈছিল মাৰাডোনাৰ৷