নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেছি সময় বল হাতত ৰাখিব নোৱাৰিব গ’লকীপাৰে

নিউজ ডেস্ক, ৩ মাৰ্চঃ বহু ফুটবল মেচত দেখা যায় গ’লকীপাৰে বল হাতত ৰাখি সময় নষ্ট কৰে৷ দলৰ অন্তিম প্রহৰীসকলে যাতে বল হাতত বেছি সময় ৰাখিব নোৱাৰে তাৰ বাবে ফুটবললৈ আহিছে নতুন নিয়ম৷ বল বেছি সময় হাতত ৰাখিলে বিপক্ষ দলে লাভ কৰিব কর্নাৰ৷ বেছি সময় বল হাতত ৰখাৰ এই শাস্তিয়ে পাব গ’লকীপাৰসকলে৷ ইণ্টাৰনেচনেল ফুটবল এছ’চিয়েচনৰ ব’ৰ্ডৰ সভাত এই নতুন নিয়মত অনুমোদন জনোৱা হৈছে৷ ফিফা ক্লাব বিশ্বকাপৰ পৰাই কার্যকৰী হ’ব এই নিয়ম৷ এইপর্যন্ত গ’লকীপাৰসকলে সর্বাধিক ৬ ছেকেণ্ড বল হাতত ৰাখিব পাৰিছিল৷ নতুন নিয়ম অনুসৰি গ’লকীপাৰসকলে সর্বোচ্চ ৮ ছেকেণ্ড বল ধৰি ৰাখিব পাৰিব৷ প্রতিপক্ষক কর্নাৰ দিয়াৰ পূর্বে ৰেফাৰীয়ে ৫ ছেকেণ্ড কাউণ্ট ডাউন কৰিব৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি উত্তৰ আয়াৰলেণ্ডত অনুষ্ঠিত আইএফএবিৰ বৈঠকত সর্বসন্মত সিদ্ধান্ত অনুসৰি কর্নাৰৰ নিয়মত অনুমোদন জনোৱা হৈছে৷ উল্লেখ্য যে বহু সময়ত দেখা যায় যে দল আগুৱাই থাকিলে অথবা ড্র খেলাৰ প্রয়োজন হ’লে বহু গ’লৰক্ষকে অহেতুক বল ধৰি ৰাখি সময় নষ্ট কৰে৷ অৱশ্যে এইক্ষেত্রত ফিফাৰ নিয়ম অনুসৰি শাস্তিৰ বিধান আছে৷ সেই অনুসৰি ৬ ছেকেণ্ডৰ অধিক বল হাতত ৰাখিলে ৰেফাৰীয়ে ইনডাইৰেক্ট ফ্রি কিক দিব পাৰে৷ কিন্তু বিশ্ব ফুটবলত কোনো স্তৰতে এই নিয়ম মনা নহয়৷ বাৰে বাৰে গ’লৰক্ষকে এই কার্য কৰিলে তেওঁক ৰেফাৰীয়ে সতর্ক কৰি দিয়া দেখা যায়৷ নতুন নিয়মত গ’লকীপাৰে এনে কার্য কৰিব নোৱাৰিব৷

You might also like