নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ মার্চত এডিআৰইৰ ফলাফল : এটা পদত দুজনকৈ প্রার্থীক বাছনি

🔹 ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা

🔹 ৬ মার্চত আৰক্ষীৰ এছআই–১২ মার্চত কনিষ্টবল–৪ মার্চত গাড়ীচালক–২৭ মার্চত কমাণ্ড বেটেলিয়নৰ কনিষ্টবল–৩০ এপ্রিলত চতুর্থবর্গৰ পদৰ পৰীক্ষাৰ ফলাফল

বিশেষ বাৰ্তা, ৩ মার্চ : ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুর্থ বর্গৰ পদ পূৰণৰ বাবে অনুষ্ঠিত এডিআৰইৰ লিখিত পৰীক্ষাৰ ফলাফল অহা ৭ মার্চত প্রকাশ পাব৷ কালি নিশা ফেচবুক লাইভযোগে এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এটা পদৰ বিপৰীতে দুজনকৈ প্রার্থী উত্তীর্ণ হ’ব৷ তাৰ পিছত তেওঁলোকৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ অৱশ্যে অধিকসংখ্যক প্রার্থীয়ে একেই নম্বৰ লাভ কৰিলে এটা পদৰ বিপৰীতে অধিক প্রার্থী উত্তীর্ণ হ’ব৷ এই বছৰৰ শেষৰফালে চৰকাৰে পুনৰ এডিআৰইৰ বাবে নতুন বিজ্ঞাপন প্রকাশৰ চেষ্টা কৰিব৷ সেইদৰে চতুর্থ বর্গৰ পদত একাংশ স্নাতক উত্তীর্ণ প্রার্থীয়েও শিক্ষাগত অর্হতা কম দেখুৱাই অৱতীর্ণ হোৱাৰ অভিযোগ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ বাবে চৰকাৰে অভিযোগ গ্রহণ কৰিব আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ পূর্বে নির্দিষ্ট বিশ্ববিদ্যালয়ৰ জৰিয়তে সেই অভিযোগসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰিব৷ সেইদৰে অসম আৰক্ষীৰ ২০৩টা উপ–পৰিদর্শক (ইউবি/এবি/কমিউনিকেচন) পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল অহা ৬ মার্চত প্রকাশ পাব৷ পিইটি/পিএছটি পৰীক্ষাৰ বাবে ১০ মার্চৰ পৰা এডমিট কার্ড ডাউনলোড কৰিব পাৰিব আৰু ১৭ মার্চৰ পৰা পৰীক্ষা আৰম্ভ হ’ব৷ অসম আৰক্ষীৰ ১৭৬০টা ইউবি কনিষ্টবল, ২৩০১টা এবি কনিষ্টবল, ৪৪৬টা কমিউনিকেচন কনিষ্টবল পদ আৰু এটা অগ্নিনির্বাপক বাহিনীৰ ছাব অফিচাৰ পদৰ পিএছটি/পিইটি পৰীক্ষাৰ ফলাফল অহা ১২ মার্চত প্রকাশ পাব৷ লিখিত পৰীক্ষাৰ বাবে ১৭ মার্চৰ পৰা এডমিট কার্ড ডাউনলোড কৰিব পাৰিব আৰু ২৩ মার্চত পৰীক্ষা অনুষ্ঠিত হ’ব৷ অসম আৰক্ষীৰ ৬৬৭টা গাড়ীচালক পদৰ পিএছটি/পিইটি পৰীক্ষাৰ ফলাফল ৪ মার্চত প্রকাশ পাব৷ ইয়াৰ পিছত গাড়ীচালনাৰ টেষ্ট অনুষ্ঠিত হ’ব৷ তাৰ বাবে ৪ মার্চৰ পৰাই এডমিট কার্ড ডাউনলোড কৰিব পাৰিব আৰু ১০ মার্চৰ পৰা এই পৰীক্ষা অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছত এই পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ কমাণ্ডো বেটেলিয়নৰ ১৬৪টা কনিষ্টবল পদৰ পিএছটি/পিইটি পৰীক্ষাৰ ফলাফল ২৭ মার্চত প্রকাশ পাব৷ অসম আৰক্ষীৰ চতুর্থ বর্গৰ পদৰ পিএছটি/পিইটি পৰীক্ষাৰ ফলাফল অহা ৩০ এপ্রিলত প্রকাশ পাব৷ শিক্ষা বিভাগৰ বিভিন্ন নিযুক্তিৰ ফলাফল প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ এন্সাৰ কীৰ বিৰুদ্ধে বহুতে প্রত্যাহ্বান জনাইছে৷ অহা ১১ মার্চত বিশেষজ্ঞ কমিটীয়ে এখন বৈঠক আয়োজন কৰিছে৷ প্রত্যাহ্বান জনাই কৰা প্রতিখন আবেদন বিশেষজ্ঞ কমিটীয়ে পুংখানুপুংখভাৱে বিবেচনা কৰিব৷ সেয়ে অহা ১১ মার্চৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই ফেচবুক লাইভযোগে শিক্ষা বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল কেতিয়াকৈ প্রকাশ কৰিব, সেই বিষয়ে ঘোষণা কৰিব৷ স্নাতকোত্তৰ শিক্ষক পদৰ লগতে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল কেতিয়া প্রকাশ পাব, সেই বিষয়েও একেলগে ১১ মার্চৰ পিছতেই প্রকাশ কৰিব৷ আনহাতে, আজি অসম বিধানসভাত অসম লোকসেৱা আয়োগক লৈ ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই দিয়া প্রতিবেদনক লৈ আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে অহা ১০ মার্চত বিধানসভাত ৰাজ্যিক বাজেট উত্থাপন কৰাৰ বিষয়ে জানিবলৈ দি বাজেটখনত দৰিদ্র–মধ্যবিত্তক সকাহ দিয়াৰ বাবে বহু আঁচনি থাকিব বুলি ব্যক্ত কৰে৷ দৰিদ্র–মধ্যবিত্ত, যুৱশক্তি আৰু শিক্ষাৰ বাবে চৰকাৰে নতুন পৰিকল্পনা হাতত লৈছে৷ বাজেটখনত বহু আন্তঃগাঁথনিৰ আঁচনিও গ্রহণ কৰা হ’ব৷ এইক্ষেত্রত অসমৰ জনসাধাৰণক ৰাজ্যখনৰ সমস্যা সমাধানত বিজ্ঞানসন্মত পৰামর্শ দিবলৈও আহ্বান জনায়৷ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক ১০ হাজাৰ টকাকৈ প্রদান সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই মাহত হিতাধিকাৰী নির্বাচন প্রক্রিয়া সম্পূর্ণ কৰা হ’ব আৰু ১ এপ্রিলত বিহালীত এই আঁচনিখনৰ শুভাৰম্ভ কৰা হ’ব৷ আনহাতে, ফেচবুক লাইভত মুখ্যমন্ত্রী ড০ শর্মাই ঝুমইৰ আৰু এডভাণ্টেজ আছাম ২.০ৰ সফলতাৰ বিষয়ে উল্লেখ কৰি কয় যে অহা ৫ বছৰত ৰাজ্যখনত বিনিয়োগৰ বাবে ৫.২৩ লাখ কোটি টকাৰ বুজাবুজি চুক্তি হৈছে৷ এতিয়া অহা ৩–৪ বছৰৰ ভিতৰত এই সপোনবোৰ বাস্তৱত ৰূপায়ণ কৰিব লাগিব৷ ইয়াৰ বাবে ৰাজ্যখনত আন্দোলন বিবর্জিত শান্তিপূর্ণ পৰিৱেশ বর্তাই ৰাখিব লাগিব৷ এইক্ষেত্রত বিনিয়োগ কৰিবলৈ অহা উদ্যোগপতিসকলক আদৰণি জনোৱাৰ লগতে ৰাইজক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ ছিংগাপুৰৰ সৈতে এখন বুজাবুজি চুক্তি হোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ছিংগাপুৰ চৰকাৰে মঙলদৈৰ দক্ষতা বিশ্ববিদ্যালয়ত ৰাজ্যখনৰ যুৱক–যুৱতীসকলক দক্ষ কৰাৰ ক্ষেত্রত আগভাগ ল’ব৷ সেইদৰে অসমৰ যুৱক–যুৱতীক জাপানী ভাষা শিকোৱাৰ বাবে জাপানৰ কেইবাটাও সংস্থাৰ সৈতে বুজাবুজি চুক্তি কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ ফলত ৫০ হাজাৰ যুৱক–যুৱতীয়ে মাহে ২ লাখ টকা দৰমহাৰ চাকৰি লাভ কৰিবলৈ সক্ষম হ’ব৷

 

You might also like