নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেবছাইটৰ লিংক শ্বেয়াৰ কৰি চলাইছিল অবৈধ বিত্তীয় লেনদেন

মানকাচৰৰ পৰা ফাৰহাদ আহমেদ,৩ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী জিলাৰ ফকিৰগঞ্জত নিশা গোপন সুত্ৰৰ পম খেদি অতিৰিক্ত আৰক্ষী আৰক্ষীক প্ৰতাপ দাসৰ নেতৃত্বত আৰু খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত ফকিৰগঞ্জ আৰক্ষী থানা এলেকাত এক অনুসন্ধান অভিযান চলায়। অভিযানৰ সময়ত তিনিজন চাইবাৰ অপৰাধী ক্ৰমে আছাদুল ইছলাম, হাছানুৰ জামান, কোবাদ আলী মোল্লাক আৰ এছ এন ক্ৰিপ্টো কাৰেন্সী টোকেনৰ নামত বৃহৎ পৰিসৰৰ চাইবাৰ জালিয়াতিৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। এই অভিযুক্ত সকলৰ আপলাইন আন এজন অভিযুক্ত হেকমত আলী সৰকাৰ বৰ্তমান পলায়ন হৈ আছে। অভিযুক্ত সকলে ৱেবছাইটৰ লিংক শ্বেয়াৰ কৰি “আৰ এছ এন” নামেৰে অবৈধ বিত্তীয় লেনদেন চলাইছিল। উক্ত লিংকটোৰ জৰিয়তে চক্ৰ টোৱে এটা গেম অৰ্থাৎ আৰ এছ এন খেলি বিপুল লাভ কৰিব বুলি প্ৰলোভন দি জিলাখনৰ লগতে নিকটৱৰ্তী ৰাজ্য মেঘালয়ত ২০০০ৰো অধিক ভুক্তভোগীক প্ৰতাৰণা কৰিছে। প্ৰতিজন ভুক্তভোগীয়ে ভুৱা আৰ এছ এন ক্ৰিপ্টো টোকেনত নূন্যতম ৫০ হাজাৰ টকা বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰা হৈছিল, মুঠ অপব্যৱহাৰ কৰা ধনৰ পৰিমাণ ১০-২০ কোটি টকাৰ ভিতৰত বুলি অনুমান কৰা হৈছে। প্ৰাথমিক তদন্তত প্ৰকাশ কৰা মতে অভিযুক্ত সকলে ফোনপে, পেটিএমৰ দৰে অনলাইন পেমেণ্ট প্লেটফৰ্ম আৰু বাইনেন্সৰ দৰে চীনা ক্ৰিপ্টো এক্সচেঞ্জ ব্যৱহাৰ কৰি ভাৰতীয় টকাক ইউএছডিটিলৈ ৰূপান্তৰিত কৰিছিল, শেষত অজ্ঞাত সত্তালৈ ধন চাইফন কৰি পেলাইছিল। ইয়াৰ উপৰিও দেশজুৰি চাইবাৰ অপৰাধীক প্ৰতিমাহে প্ৰতি একাউণ্টত ১০০০ৰ পৰা ২০০০ টকাকৈ বেংক একাউণ্ট ভাড়াত দিয়া তথ্যও পোহৰ লৈ আহিছে। অভিযানৰ সময়ত দুটা লেপটপ,আটা মবাইল ফোন, বহু কেইটা ছিম কাৰ্ড আপত্তিজনক নথিপত্ৰ জব্দ কৰাৰ লগতে তিনি গৰাকী চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like